দিন-দুপৰতে মহানগৰীত কিশোৰী ধৰ্ষণ কাণ্ড

দিন-দুপৰতে মহানগৰীত কিশোৰী ধৰ্ষণ কাণ্ড

মহানগৰীৰ বামুণীমৈদামৰ চুইপাৰপত্রীত ধৰ্ষণকাণ্ড। দিন দুপৰতে মঙলবাৰে সংঘটিত হয় এই ঘটনা। এগৰাকী ১০-১১ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ মাতৃৰ।
অভিযোগ অনুসৰি, কিশোৰীগৰাকীৰ মাক-দেউতাৰ কৰ্মসূত্ৰে ওলাই গৈছিল ঘৰৰ পৰা। মালিকৰ ঘৰত থৈ গৈছিল কিশোৰীগৰাকীক। ঘৰত কোনো নথকাৰ চলেৰে ধৰ্ষণ কৰাৰ অভিযোগ পৰিয়ালৰ। ভাৰাঘৰৰ মালিক ৰাকেশ বাস্পেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰলোকে। ইতিমধ্যে ঘটনাক লৈ গীতানগৰ থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগীৰ পৰিয়ালৰলোকে।

এজাহাৰ দাখিলৰ পাছতে চুইপাৰপত্রীৰ বহু মহিলাই থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাকেশ বাস্পেই এই কাণ্ড কৰা নাই বুলি ভাষ্য মহিলাসকলৰ। নিজৰ সন্তানক মিছাকৈ ক’বলৈ দিছে বুলি অভিযোগ মহিলাসকলৰ।

বৰ্তমান অভিযুক্ত ৰাকেশ বাস্পেক লৈ গৈছে আদালতলৈ। লগতে কিশোৰীগৰাকী আৰু তেওঁৰ মাতৃকো নিয়া হৈছে আদালতলৈ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

GTM Desk

Related