নৈত গা ধুবলৈ গৈ দুই শিশুৰ কৰুণ মৃত্যু…

নৈত গা ধুবলৈ গৈ দুই শিশুৰ কৰুণ মৃত্যু…

বৃহস্পতিবাৰে মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত লামাগাৱত বুঢ়ীদিহিং নদীত দুটিকৈ শিশুৰ সলিল সমাধি ঘটে। মাকুম বাগান বিদ্যালয়ত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত আছিল শিশু দুটি। মাকুম বাগান ৬ নম্বৰ লাইনৰ বাসিন্দা দুৰূপ তাঁ‌তিৰ পুত্ৰ ডিৰাছ তাঁ‌তি (৮) আৰু গপি দুৰ্গাৰ পুত্ৰ অৰ্জুন চামাচি (৮) য়ে বিদ্যালয়ৰ পৰা আহি বৃহস্পতিবাৰে বুঢ়ীদিহিং নদীলৈ বুলি গা ধুবলৈ বুলি গৈছিল আৰু তেতিয়াই দ পানীত সোমাই কৰুণ মৃত্যুক আকোৱালি লয় শিশু দুটিয়ে।

পাছত বহু সময় ঘৰলৈ নহাত বিছাৰ-খোছাৰ কৰি মৃত অৱস্থাত পানীত দেখা পাই মাৰ্ঘেৰিটা থানাত খবৰ দিয়ে । আৰক্ষীৰ লোক উপস্থিত হৈ শিশু দুটিক নিশা উদ্ধাৰ কৰি থানালৈ লৈ আনে।

শুকুৰবাৰে মাৰ্ঘেৰিটা আৰক্ষীয়ে কণমানি শিশু দুটিৰ মৃতদেহ মৰণোত্তৰ পৰিক্ষাৰ ব্যৱস্থা কৰিছে । কৰুণ ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ‌ পেলাইছে।

Shahnawaz Hamza

Related