Advertisement

ফটো সাংবাদিক অনুপম নাথলৈ পৰাগ দাস সাংবাদিকতা বঁটা

ফটো সাংবাদিক অনুপম নাথলৈ পৰাগ দাস সাংবাদিকতা বঁটা

বিশিষ্ট ফটো সাংবাদিক অনুপম নাথলৈ আগবঢ়োৱা হৈছে ২০২১ বর্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা৷ অনুপম নাথে ‘নীলাচল’ নামৰ সাপ্তাহিকখনত প্রথম ফটো সাংবাদিক হিচাপে ১৯৯৫ চনত কর্মজীৱন আৰম্ভ কৰিছিল৷ সেই সময়তে ‘আউটলুক’ আৰু কেইবাখনো দেওবৰীয়া আলোচনীত তেওঁ ফটো সাংবাদিকতা কৰিছিল৷ পৰৱর্তী সময়ত তেওঁ ‘আমাৰ অসম’ত ষ্টাফ ফটোগ্রাফাৰ হিচাপে যোগদান কৰে৷ ইতিমধ্যে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত কেইবাটাও সন্মান লাভ কৰিবলৈ সক্ষম হোৱা নাথে ২০১৭ চনত ‘টাইম’ মেগাজিনত ১০০জন শ্রেষ্ঠ ফটো সাংবাদিকৰ অন্যতম হিচাপে নির্বাচিত হৈছিল৷ বর্তমান এছ’চিয়েট প্রেছৰ ষ্টাফ ফটো সাংবাদিক হিচাপে তেওঁ কর্মৰত৷ ক’ভিড–১৯ৰ সংহাৰৰ সময়ছোৱাত নাথে যথেষ্ট সাহসিকতাৰে কেইবাখনো সংবেদনশীল ফটো সংগ্রহ কৰি সমগ্র বিশ্বৰে দৃষ্টি আকর্ষণ কৰিছিল৷ অসমত গুপ্তহত্যা চলি থকা সময়ত তেওঁ সাহসিকতাৰে গুপ্তহত্যাৰ সাক্ষ্য–প্রমাণ প্রথমবাৰৰ বাবে নিজৰ কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছিল৷ প্রয়াত সাংবাদিক, বিশিষ্ট মানৱাধিকাৰ কর্মী পৰাগ কুমাৰ দাসৰ ওপজা দিন অহা ২৪ ফেব্রুৱাৰীত গুৱাহাটী প্রেছ ক্লাবত নাথক এই বঁটা প্রদান কৰা হ’ব৷ পৰাগ কুমাৰ দাসৰ সতীর্থ সাংবাদিকসকলৰ লগতে পৰাগ কুমাৰ দাসৰ পৰিয়ালেও এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাত বিশেষ ভূমিকা পালন কৰিব৷

Source- Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related