ভূপেন বৰা লুভীয়া মানুহ, চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত হাৰি ৰেকৰ্ড গঢ়িব : পীযুষ হাজৰিকা

ভূপেন বৰা লুভীয়া মানুহ, চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত হাৰি ৰেকৰ্ড গঢ়িব : পীযুষ হাজৰিকা

ভূপেন বৰা এজন লুভীয়া মানুহ। লোভেই পাপ, পাপেই মৃত্যু। কাজিৰঙা লোকসভা সমষ্টিত যদি ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰে ৩ লাখ ভোটৰ ব্যৱধানত চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত পৰাজয় বৰণ কৰিব। একেৰাহে চতুৰ্থবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই হৰাৰ ৰেকৰ্ড গঢ়িব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। এইদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

শেহতীয়াকৈ কাজিৰঙা লোকসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ মন মেলা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এটি মন্তব্যৰ প্ৰত্যুত্তৰত দেওবাৰে এই মন্তব্য আগবঢ়াই মন্ত্ৰী পীযুষ হাজৰীকাই। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰগৰাকীৰ এই পদক্ষেপত তেওঁ অত্যন্ত সুখী।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিক একেৰাহে চতুৰ্থবাৰৰ বাবে নিৰ্বাচন খেলি হৰাৰ ৰেকৰ্ড গঢ়াম। এগৰাকী দায়িত্বশীল ৰাজনৈতিক নেতাই লোভ লাগিছে বুলি কব নাপায়। ভূপেন বৰা যে এগৰাকী লুভীয়া মানুহ, তেখেতৰ কথাতেই প্ৰমাণ হৈছে। আগন্তুক নিৰ্বাচনত ভূপেন বৰা ৰাজনৈতিকভাৱে মৃত্যু হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

GTM Desk

Related