মহম্মদ ছামীৰ সৈতে হাছিন জাহানৰ পেচ-আপ হৈছে নেকি?

মহম্মদ ছামীৰ সৈতে হাছিন জাহানৰ পেচ-আপ হৈছে নেকি?

বিশ্বকাপত মহম্মদ ছামীৰ সুন্দৰ প্ৰদৰ্শনত সমগ্ৰ দেশ মুগ্ধ হৈছে। ২০২৩ চনৰ বিশ্বকাপৰ সফল বলাৰ হিচাপে প্ৰমাণিত হোৱা ছামীয়ে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অকলে ৭টা উইকেট দখল কৰে। ছামী ভাৰত- নিউজিলেণ্ডৰ ছেমিফাইনেল মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈও আছিল। কিন্তু ইয়াৰ মাজতে তেওঁৰ পত্নী হাছিন জাহানে সামাজিক মাধ্যমত এটা ইংগিতদায়ক ভিডিঅ’ পোষ্ট কৰিছে। মহম্মদ ছামীৰ সৈতে হাছিন জাহানৰ বিবাদৰ বিষয়ে হয়তো সকলোৱে জানে। কিন্তু ইয়াৰ মাজতে হাছিনৰ ভিডিঅ’ পোষ্টে স্বাভাৱিকতে নেটিজেনৰ মাজত জল্পনা-কল্পনা বৃদ্ধি কৰিছে।

 

View this post on Instagram

 

A post shared by Haseen Jahan (@hasinjahanofficial)

GTM Desk

Related