যুৱতী দেখিলেই এৰি নিদিয়ে জানমণি আৰু তেওঁৰ বন্ধুৱে! ৰাস্তাৰে যুৱতী যোৱা দেখিলে কৰে অপকৰ্ম!

যুৱতী দেখিলেই এৰি নিদিয়ে জানমণি আৰু তেওঁৰ বন্ধুৱে! ৰাস্তাৰে যুৱতী যোৱা দেখিলে কৰে অপকৰ্ম!

হিন্দী চিনেমাত খলনায়কে কৰা কাণ্ডৰ সংঘটিত হৈ আছে অসমৰ ভিন্নপ্ৰান্তত। কৰবাত যদি ফুৰিবলৈ যোৱা যুৱক-যুৱতী নিৰ্যাতনৰ বলি হ’ল দুষ্ট চক্ৰৰ আৰু কৰবাত যুৱকৰ দলবদ্ধ অপকৰ্মৰ বলি হ’ল সাংস্কৃতিক অনুষ্ঠান চাবলৈ যোৱা যুৱতী।

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে মহিলাৰ শ্লীলতা হানিৰ ঘটনাই। এইবাৰ ৰহাৰ পৰা আহিছে আন এক শিহৰণকাৰী ঘটনা। বিগত কেইবাদিন ধৰি ৰহা অঞ্চলত এটা দুষ্ট প্ৰকৃতিৰ চক্ৰই অকলশৰীয়া অসহায় যুৱতী-মহিলাক কৰি আহিছে শ্লীলতা হানি। সুযোগ বুজি একাংশ নষ্ট চৰিত্ৰৰ লোকে গোপন অংগত হাত দি হাৰাশাস্তি কৰি মানসিক নিৰ্যাতন চলাই আহিছে। বাইকেৰে আহি পশুতুল্য দুষ্ট চক্ৰটোৱে বহু কেইগৰাকী যুৱতী-মহিলাক অশালীন ব্যৱহাৰ কৰি আহিছে।

এতিয়া এনে বিকৃত মানসিকতাৰ যুৱকৰ কৱলত পৰা মহিলা-যুৱতীসকলে নিৰাপত্তাহীনতাত ভুগি মানসিক অশান্তিত ভূগিবলগীয়া হৈছে। এই ঘটনাক লৈ ৰহাত সৃষ্টি হৈ আছিল আতংকময় পৰিস্থিতি। শনিবাৰেও এনে এক অনুৰূপ ঘটনা সংঘটিত হ’ল ৰহাৰ ৰণথলীত। ৰহাৰ ৰণথলী চিকিৎসালয়ত কৰ্মৰত মহিলাগৰাকীয়ে টেম্প’ৰেৰে আহি ৰণথলীত নামি হাস্পতাললৈ গৈ থাকোতেই দুটা ল’ৰাই বাইকেৰে আহি হথাতে মহিলাগৰাকীৰ বুকুত হাত দিয়ে। পিছত মহিলাগৰাকীয়ে টনা-আঁজোৰা কৰাত দুয়োটা বাইক লৈ ৰহা টোলগেটেৰে পলায়ন কৰে।

এই কথা সদৰি হোৱাত টোলগেটৰ CCTVৰ কেমেৰাত যুৱক দুজনক চিনাক্ত কৰে। তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই দুয়োকে আটক কৰিবলৈ সক্ষম হয় দুয়ো নৰাধম। বিকৃত মানসিকতাৰ এই যুৱক দুজনৰ নাম জানমনি নাথ(১৯) আৰু তেওঁৰ এজন ১৭ বছৰীয়া বন্ধু। দুয়োৰে ঘৰ ৰহাৰ জৰাবাৰী আলিকুছিত। আৰক্ষীয়ে দুয়োকে আটক কৰি জেৰা অব্যাহত ৰাখিছে। এনে বিকৃত মানসিকতাৰ যুৱকক উচিত শাস্তি দিবলৈ আহ্বান জনাইছে ভুক্তভোগী যুৱতী-মহিলা তথা সচেতন নাগৰিকে।

GTM Desk