শনি গ্ৰহক শান্ত কৰিবলৈ এনেদৰে কৰিব লাগে বীৰ হনুমানৰ পূজা

শনি গ্ৰহক শান্ত কৰিবলৈ এনেদৰে কৰিব লাগে বীৰ হনুমানৰ পূজা

বীৰ হনুমানৰ পূজাৰ দ্বাৰা শান্ত থাকে শনিদেৱ। বীৰ হনুমানৰ পূজা কৰিলে-দুখ আৰু ভয় দূৰ হয়।আৰু শনিদেৱেও নিজৰ কৃপা দৃষ্টি ৰাখে।শাস্ত্ৰ অনুসাৰে-শনিদেৱে বীৰ হনুমানক বচন দিছিল যে-যি ব্যক্তিয়ে বীৰ হনুমানৰ ধ্যান কৰিব-সেইজনক শনিদেৱে সদায়ে ৰক্ষা কৰিব। ( Religious Studies )

*বীৰ হনুমানক

বল,বুদ্ধি,বিদ্যা,আৰু নিৰ্ভয়তাৰ প্ৰতীক মনা হয়।শাস্ত্ৰ অনুসাৰে যদি কোনো সংকট বা সমস্যাত বীৰ হনুমানক প্ৰাৰ্থনা কৰিলে-তেওঁ সেই বিপদক হৰণ কৰি লয়।সেইবাবে বীৰ সংকটমোচন কোৱা হয়।

*শনিগ্ৰহক শান্ত কৰিবলৈ-কৰিব লাগে বীৰ হনুমানৰ পূজা-

*বজৰংগবলীয়ে শনিদেৱক কষ্টৰ পৰা মুক্ত কৰিছিল আৰু শনিদেৱৰ ৰক্ষা কৰিছিল।সেইবাবে-শনিদেৱে বীৰ হনুমানক বচন দিছিল যে-বীৰ হনুমানৰ উপাসনা কৰা লোকসকলক শনিদেৱে কেতিয়াও কষ্ট নিদিয়ে।শনি দোষ বা শনিৰ সাৰেচাতি পৰা হোৱা কষ্টৰ পৰা নিবাৰণ পাবলৈ-বজৰংগবলীৰ আৰাধনা কৰিব লাগে।

*এনেদৰে কৰিব লাগে-বীৰ হনুমানৰ পূজা-

*বজৰংগবলীৰ পূজাৰ দ্বাৰা শনিৰ প্ৰকোপ শান্ত হয়।সূৰ্য আৰু মংগলৰ লগত শনিৰ শক্ৰতা থকা বাবে-উৎপন্ন হোৱা কষ্টও দূৰ হয়।হনুমান জয়ন্তীৰ বাহিৰেও-মংগলবাৰে, শনিবাৰে-বীৰ হনুমানক প্ৰসন্ন কৰিবৰ বাবে আদৰ্শ দিন মনা হয়।এই দুইটা দিন হনুমানৰ প্ৰিয়।

( Religious Studies )

*মংগলবাৰে-শনিবাৰে কিদৰে কৰিব লাগে পূজা-

*মংগলবাৰে-শনিবাৰে সূয্য উদয়ৰ পাছত স্নান আদি কৰি-শ্ৰী হনুমন্তে নমাহঃ মন্ত্ৰটিৰ জপ কৰিব লাগে।

মংগলবাৰে-শনিবাৰে পুৱা তামৰ লুটাত জল আৰু সেন্দূৰ মিশ্ৰিত কৰি-বীৰ হনুমানক অৰ্পণ কৰিব লাগে।

*একেৰাহে ১০টা মংগলবাৰ-শনিবাৰে বীৰ হনুমানক গুড়ৰ ভোগ দিব লাগে।

*প্ৰতি মংগলবাৰে-শনিবাৰে হনুমান চালীশা পাঠ কৰিব লাগে।
*১০টা মংগলবাৰে-শনিবাৰে-বীৰ হনুমানৰ মন্দিৰলৈ গৈ প্ৰসাদ ৰূপে কল অৰ্পিত কৰিব লাগে।

*চমেলিৰ তেল,সেন্দূৰ মিহলাই বজৰংগবলীক অৰ্পণ কৰিব লাগে।এই উপায় ৩টা মংগলবাৰে শনিবাৰে কৰিলে শীঘ্ৰে ফল পোৱা যায়।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

GTM Desk

Related