শিলচৰ NITৰ ছাত্ৰৰ মৃত্যুৰ প্ৰসংগত ডীন ৰায়ৰ পদত্যাগকে ধৰি ৬ দফীয়া দাবীৰে প্ৰতিবাদ অব্যাহত শিক্ষাৰ্থীসকলৰ
শিক্ষাৰ্থীসকলৰ প্ৰতিবাদত আজিও উত্তপ্ত হৈ আছে শিলচৰ NITৰ চৌহদ। শেহতীয়াকৈ শিক্ষানুষ্ঠানখনৰ কুচ বুক্কৰ নামৰ এজন ছাত্ৰই আত্মহত্যা কৰা ঘটনাক লৈ ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমানেও প্ৰতিবাদ অব্যাহত ৰাখিছে। ছাত্ৰজনৰ অকাল মৃত্যুৰ প্ৰসংগক লৈ বৃহস্পতিবাৰে মাজনিশা শ্ৰেণীকোঠাৰ ভিতৰত শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। জানিব পৰা শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলে ডীন অধ্যাপক বিনয় কৃষ্ণ ৰায়ৰ পদত্যাগকে ধৰি ৬ দফীয়া দাবীৰে এই প্ৰতিবাদ সাৱ্যস্ত কৰিছে। তেওঁলোকে অভিযোগ কৰে যে কেৱল কুচ বুক্কৰেই নহয়, আন বহু ছাত্ৰ-ছাত্ৰীয়েও ডীনৰ অভব্য আচৰণৰ সন্মুখীন হ’বলগীয়া হৈছে ৷
উল্লেখযোগ্য যে, শিক্ষাৰ্থীসকলে নিয়মীয়া পাঠদান বৰ্জন কৰিছে যদিও নিশা শ্ৰেণীকোঠাতে আগন্তুক অক্টোবৰ মাহৰ পৰা হ’বলগীয়া পৰীক্ষাৰ বাবে অধ্যয়ন চলাই গৈছে। কিন্তু শিক্ষকে তেওঁলোকক নিয়মীয়া পাঠদানত অনুপস্থিত বুলি চিহ্নিত কৰিছে আৰু তেওঁলোকৰ প্ৰেকটিকেল পৰীক্ষাত শূন্য নম্বৰ দিছে। কৰ্তৃপক্ষই লিখিত প্ৰতিশ্ৰুতি নিদিয়ালৈকে শিক্ষাৰ্থীসকলে প্ৰতিবাদ চলাই নিয়াৰ হুংকাৰ দিছে।
দৰাচলতে, কিছুদিন পূৰ্বে শিক্ষানুষ্ঠানখনৰ তৃতীয় বৰ্ষ তথা পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ কুচ বক্কৰে ৭ নম্বৰ হোষ্টেলৰ নিজৰ কোঠাত চিপ লৈ আত্মহত্যা কৰিছিল। এই ঘটনাই চৌদিশে চাঞ্চল্যৰ বিৰাজ কৰাৰ পিছৰে পৰাই প্ৰতিষ্ঠানটোৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। শিক্ষাৰ্থীসকলৰ অভিযোগ কৰিছে যে NITৰ ডীনগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়াৰ ফলতে কুচে এনে এক চৰম সিদ্ধান্ত ল’বলগাত পৰিছিল। বৰ্তমান শিক্ষাৰ্থীসকলে NITৰ ডীনগৰাকীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। সহপাঠীসকলৰ মতে কুচ বুক্কৰ সদায় হাঁহিমুখীয়া স্বভাৱৰ ছাত্ৰ আছিল। মাকৰ মৃত্যুৰ সময়ত তেওঁ পৰীক্ষা দিব পৰা নাছিল বাবে কেইবাখনো পেপাৰত বেক লাগে। তেওঁক নতুন ষান্মাসিকত নামভৰ্তিৰ কোনো সুযোগ দিয়া নহ’ল। ডীন বিনয় কৃষ্ণ ৰায়ৰ ওচৰলৈ গৈ ছাত্ৰজনে নামভৰ্তিৰ লগতে বেক উঠাই দিয়াৰ বাবে আবেদনপত্ৰ জমা দিছিল যদিও সেই আবেদনখন ফালি পেলাই দিয়া হৈছিল বুলি শিক্ষাৰ্থীসকলে জানিবলৈ দিছে