শ্ৰুতি হাছানৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ অসমৰ শান্তনুৰ! বিচ্ছেদৰ খবৰক লৈ উত্তাল বলীউদ

শ্ৰুতি হাছানৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ অসমৰ শান্তনুৰ! বিচ্ছেদৰ খবৰক লৈ উত্তাল বলীউদ

গুজবেই সত্য হ’ল শেষত! দীৰ্ঘদিনৰ সম্পৰ্কত ফাট মেলিল কমল হাছানৰ কন্যা শ্ৰুতি হাছানৰ। শিল্পী শান্তনু হাজৰিকাৰ সৈতে বিচ্ছেদ।

অতীততে ইজনে সিজনক ইনষ্টাগ্ৰামত আনফলো কৰিছিল শ্ৰুতি আৰু শান্তনুৱে। আৰু তেতিয়াৰে পৰা তেওঁলোকৰ বিচ্ছেদৰ গুজব চলিছিল বলীউদত।

তেওঁলোকৰ ঘনিষ্ঠ মহলৰ এজনে সংবাদ মাধ্যমক জনায়, দুয়োজনৰ মতৰ মিল নাছিল। সেয়ে শান্তিপূৰ্ণভাৱে পৃথক হোৱাৰ সিদ্ধান্ত লয় তেওঁলোকে।

বলীউদৰ সূত্ৰে খবৰ, প্ৰায় এমাহ ধৰি পৃথকে আছে শ্ৰুতি আৰু শান্তনু। ইনষ্টাগ্ৰামৰ পৰাও শান্তনুৰ সৈতে থকা ফটো আঁতৰাই পেলাইছে শ্ৰুতিয়ে।

ছচিয়েল মিডিয়াৰ পৰা কিছুদিনৰ বাবে বিৰতি লৈছিল শ্ৰুতিয়ে। তাৰ পিছত পুনৰ সক্ৰিয় হয়। বৰ্তমান নিজৰ কামক লৈ ব্যস্ত অভিনেত্ৰীগৰাকী।

GTM Desk

Related