সোমবাৰে পুৱা পুনৰ বুৰৈঘাটৰ নাকাচেকিঙত অবৈধ ভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ বিহালী আৰক্ষীৰ

সোমবাৰে পুৱা পুনৰ বুৰৈঘাটৰ নাকাচেকিঙত অবৈধ ভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ বিহালী আৰক্ষীৰ

বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈঘাটৰ নাকাচেকিঙত পুৱা ৫ বজাত পুনৰ অবৈধ ভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ বিহালী আৰক্ষীৰ। তথ্য মতে বিহালী আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া বুছিং বেই বিশেষ সূত্ৰৰ উমান পায় বুৰৈঘাটত নাকাচেকিঙ লগাই। ইয়াৰ পিছতে অৰুনাচলৰ নাহৰলগুনৰ পৰা ধুবুৰীলৈ লৈ যোৱা ML10-C-8375 গৰু ভৰ্তি ট্ৰাকখনৰ সৰ্বমুঠ ৩১ গৰু জব্দ কৰে যদিও ১তা গৰুৰ মৃত্যু হয় লগতে ট্ৰাকচালক ইমটাজুল হকক আটক কৰে বিহালী আৰক্ষীয়ে। উল্লেখযোগ্য যে বিভিন্ন সময়ত অবৈধ ভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি বাহন জব্দ কৰি আহিছে বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুছিং বে য়ে । বৰ্তমান সময়লৈ বিষয়া আৰু জনে ৩০০ শ ৰো অধিক গৰু জব্দ কৰি বুৰৈ ঘাটৰ গৌ চালা লৈ প্ৰেৰণ কৰিছে ।

বিহালীৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

GTM Desk