সৰস্বতী পূজাৰ দিনাই নিখোজ বিদ্যালয়ৰ দুই ছাত্ৰী! নিশা প্ৰায় ১১ বজালৈ এগৰাকী ছাত্ৰীৰ হোৱাটছএপ আছিল এক্টিভ

সৰস্বতী পূজাৰ দিনাই নিখোজ বিদ্যালয়ৰ দুই ছাত্ৰী! নিশা প্ৰায় ১১ বজালৈ এগৰাকী ছাত্ৰীৰ হোৱাটছএপ আছিল এক্টিভ

কালি ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ লগতে গুৱাহাটী মহানগৰীতো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ উদযাপন কৰা হয়। কিন্তু সৰস্বতী পূজাৰ দিনটোতেই মহানগৰীৰ দুগৰাকীকৈ ছাত্ৰী সন্ধানহীন হৈ থকাৰ ঘটনাই চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১৪ ফেব্ৰুৱাৰী, বুধবাৰৰ পৰা সন্ধানহীন হৈ থকা দুয়োগৰাকী ছাত্ৰী অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছে।

নিৰুদ্দিষ্ট ছাত্ৰী দুগৰাকীৰ নাম মধুস্মিতা বৈশ্য আৰু বন্দিতা ভৌমিক বুলি জানিব পৰা গৈছে। সৰস্বতী পূজাৰ দিনা আবেলি বিদ্যালয়ৰ পৰা দুই ছাত্ৰী ঘৰমুৱা হৈছিল। দুই ছাত্ৰীৰ লগত ভাতৃও আছিল। কিন্তু আদবাটতেই ভাতৃক এৰি ছাত্ৰী দুগৰাকী টেম্প’ত উঠিছিল আৰু ভাতৃক দীঘলীপুখুৰীলৈ ফুৰিবলৈ যোৱাৰ কথা কৈছিল। মধুস্মিতা বৈশ্যৰ লগত এটা ম’বাইল ফোন আছিল। নিশা ১১ বাজি ১৫ বজালৈ ছাত্ৰীগৰাকীৰ হোৱাটছএপ এক্টিভ আছিল। কিন্তু বৰ্তমানলৈ দুই ছাত্ৰীৰ সন্ধান পোৱা হোৱা নাই। এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ তদন্তৰ অন্তহে আচলতে ছাত্ৰী দুগৰাকী ক’ত আছে, তেওঁলোকৰ সৈতে কিবা অঘটন হৈছে নে আন কিবা সেই বিষয়ে তথ্য পোহৰলৈ আহিব। এতিয়া সন্দেহ কৰা হৈছে যে তেওঁলোকক কোনোৱে হয়তো অপহৰণ কৰিছে। যিহেতু বুধবাৰে সৰস্বতী পূজাৰ লগতে ভেলেন্টাইনছ দিৱস আছিল, গতিকে এতিয়া তেওঁলোক সন্ধানহীন হোৱাক লৈ বিভিন্ন প্ৰশ্নই গা কৰি উঠিছে।

GTM Desk

Related