সৰুক্ষেত্ৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন্দ্র মিশ্রক সম্বর্ধনা

সৰুক্ষেত্ৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন্দ্র মিশ্রক সম্বর্ধনা

সৰুক্ষেত্রী মৌজাৰ বেঙাপাৰা গাঁও নিবাসী, সৰুক্ষেত্ৰী হাইস্কুল-বণিয়াকুছিৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন্দ্র মিশ্রক ২৫ মে’ত তেওঁৰ বাসগৃহলৈ গৈ সৰুক্ষেত্ৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাই সম্বর্ধনা জনায়। সৰুক্ষেত্রী কেন্দ্রীয় আঞ্চলিক ছাত্র
সন্থাৰ সভাপতি মৃত্যুঞ্জয় বৰ্মন, বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য শৈলেন তালুকদাৰ, গীতার্থ ডেকা, সৰুক্ষেত্রী কেন্দ্রীয় আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য পল্লৱ ডেকাই অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ বাসগৃহলৈ গৈ মানপত্ৰ, ফুলাম গামোচা, গছৰ পুলিৰে তেওঁক সম্বর্ধনা জনায়।

Shahnawaz Hamza

Related