হঠাৎ অসুস্থ হৈ পৰিল বলিউদৰ কিং খান, ততাতৈয়াকৈ ভৰ্তি চিকিৎসালয়ত

হঠাৎ অসুস্থ হৈ পৰিল বলিউদৰ কিং খান, ততাতৈয়াকৈ ভৰ্তি চিকিৎসালয়ত

হঠাৎ অসুস্থ হৈ পৰিল বলিউদৰ কিং খান শ্বাহৰুখ খান। অভিনেতাগৰাকীক আহমেদাবাদৰ কে ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। বুধবাৰে পুৱা ১১ বজাৰ ওচৰত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলৰ অন্তত তেওঁৰ অসুস্থ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল অভিনেতাগৰাকীয়ে। তাৰ পিছত আজি দিনৰ ১ বজাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

খবৰ অনুসৰি ডিহাইড্ৰেচনৰ বাবে অভিনেতাজন অসুস্থ হৈ পৰিছে। সূত্ৰ অনুসৰি প্ৰাথমিক চিকিৎসাৰ অন্তত বৰ্তমান অভিনেতাগৰাকী এতিয়াও চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। অৱশ্যে শ্বাহৰুখ খানৰ টীম পৰা এতিয়ালৈকে একো জানিব পৰা হোৱা নাই।

আই পি এলৰ বাবে প্ৰায়ে কলকাতালৈ আহি আছে শ্বাহৰুখ, ইডেনত দলৰ হৈ উল্লাস কৰা দেখা যায়। ব্যস্ত ৰুটিনৰ মাজতো অভিনেতাগৰাকীয়ে দলটোক মনোবল প্ৰদান কৰাত ব্যৰ্থ নহয়।

IPLৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে প্ৰায়ে দেশৰ ভিন্নপ্ৰান্ত ভ্ৰমণ কৰি আছে শ্বাহৰুখ খানে। ইডেনত দলৰ হৈ উল্লাস কৰা দেখা যায়। মঙলবাৰে কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচ উপভোগ কৰিবলৈ গুজৰাটৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত হৈছিল কিং খান। ইয়াৰ পূৰ্বে সোমবাৰে কিং খানে পৰিয়ালৰ সৈতে বান্দ্ৰাৰ বিশেষ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটদান সাৱ্যস্ত কৰিছিল।

Shahnawaz Hamza

Related