ৰঙা চীনক মাধমাৰ : টেবলেট, লেপটপ, কম্পিউটাৰ আমদানিত নিষেধাজ্ঞা কেন্দ্ৰৰ

ৰঙা চীনক মাধমাৰ : টেবলেট, লেপটপ, কম্পিউটাৰ আমদানিত নিষেধাজ্ঞা কেন্দ্ৰৰ

চীনক বৃহৎ মাধমাৰ শোধাই ভাৰতে দেশলৈ লেপটপ, কম্পিউটাৰ, টেবলেটৰ আমদানি বন্ধৰ নিৰ্দেশনা জাৰি কৰিলে। ডিৰেক্টৰ জেনেৰেল অব ফৰেইন ট্ৰেডৰ তৰফৰ পৰা এইচএছএন ৮৪৭১ বিধিৰ অধীনত লেপটপ, কম্পিউটাৰ, টেবলেট আমদানিৰ সীমাবন্ধকৰণৰ নিৰ্দেশ দিয়া হ’ল। আজি কেন্দ্ৰৰ চৰকাৰে এই সন্দৰ্ভত এক জাননী জাৰি কৰিলে।

এই নিৰ্দেশনা অনুসৰি দেশত বর্তমানে লেপটপ, টেবলেট, অল ইন ৱান পাইনেল কম্পিউটাৰ, এইচএচএন ৮৭৪১ৰ অধীনত আদা খুব ফর্ম ফেক্টৰ কম্পিউটাৰ, আৰু ছাৰ্ভাৰৰ আমদানি সীমাবদ্ধ হ’ব। জাননীত লগতে উল্লেখ কৰা অনুসৰি সীমাবদ্ধ আমদানিৰ বাবে বৈধ অনুজ্ঞাপত্ৰৰ বিপৰীতে তেওঁলোকৰ আমদানি অনুমোদিত হ’ব। ভারতে বিদেশৰ পৰা লেপটপ, টেবলেট, কম্পিউটাৰৰ দৰে সামগ্ৰীৰ আমদানি সীমিত কৰাৰ ফলত চীন সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। কিয়নো এনেবোৰ সামগ্ৰী ভাৰতে চীনৰ পৰা সৰ্বাধিক পৰিমাণত আমদানি কৰি আহিছে। দেশীয় প্রতিষ্ঠানসমূহক উদ্‌গনি দিবলৈ কেন্দ্ৰৰ চৰকাৰে বিদেশৰ পৰা এনেবোৰ সামগ্ৰীৰ আমদানি সীমিত কৰাৰ সিদ্ধান্ত ল’লে।

GTM Desk

Related