ৰাশিফল : আপোনাৰ আজিৰ দিনটো কেনেকৈ যাব জানো আহক

ৰাশিফল : আপোনাৰ আজিৰ দিনটো কেনেকৈ যাব জানো আহক

ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন। চাওক আহক আজিৰ দিনটোত কোন ৰাশিৰ কি আছে ভাগ্যফল।

মেষ ৰাশি : নতুন কাম আৰু নতুন বিনিয়োগৰ বিষয়ে চিন্তা কৰাৰ বাবে ভাল সময়। কাষৰ মানুহক বুজিবলৈ সক্ষম হ’ব।

বৃষ ৰাশি : দুঃসাহসিক কামৰ বাবে শ্ৰেষ্ঠ সময়। আনকি বিনিয়োগৰ বাবেও এই সময় উপযুক্ত। আপোন মানুহৰ সৈতে সাক্ষাৎ হ’ব পাৰে।

মিথুন : বিশ্ৰাম ল’ব পাৰে। নিজৰ কামৰ ফল উপভোগ কৰিবলৈ সক্ষম হ’ব। বিশেষ মানুহৰ সৈতে নিজৰ অনুভৱ শ্বেয়াৰ কৰিব পাৰে।

কৰ্কট : নিজৰ সততা বজাই ৰাখিব লাগিব। ই যিকোনো পৰিস্থিতিত সহায়ক হৈ উঠিব। নিজৰ পছন্দ মতে বিষয়বোৰ বাচি ল’ব লাগিব।

সিংহ : আবেগ আৰু বাস্তৱিক বিষয়ক লৈ জীৱনত উত্থান-পতন হ’ব পাৰে। উদ্যম তুংগত থাকিব। কামৰ ভাল সুযোগ লাভ কৰিব আৰু নিজৰ পছন্দৰ কামৰ জৰিয়তে ধন উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।

কন্যা ৰাশি : নিজৰ অহংকাৰ ভাৱক ব্যৱহাৰিক প্ৰয়োজনৰ পথত বাধা হৈ থিয় দিলে নহ’ব। কামৰ স্থানত গোপন শত্ৰুৰ পৰা সাৱধানে থাকক।

তুলা ৰাশি : যাতায়াত সংক্ৰান্তীয় সমস্যাত পৰিব পাৰে। কিন্তু এই পৰিস্থিতিত নিজৰ মগজু ঠাণ্ডা ৰখা প্ৰয়োজন। অৱশ্যে এই সমস্যা শীঘ্ৰে দূৰ হ’ব।

বৃশ্চিক : প্ৰভাৱশালী ব্যক্তিৰ সৈতে পাৰ্টনাৰশ্বিপ হ’ব পাৰে। নিজৰ কাম নিজেই পৰ্যালোচনা কৰিব লাগিব আৰু সেয়া মানি চলা প্ৰয়োজন।

ধনু ৰাশি : ইতিবাচক শক্তিৰে ভৰপূৰ হৈ থাকিব। ব্যক্তিগত জীৱনত সকলো ভালে চলিলে পেছাগত জীৱনো ভালদৰে চলিব।

মকৰ ৰাশি : সংকল্পৰ জৰিয়তে নিজৰ পথত অহা বাধা-বিপত্তি দূৰ কৰিব পাৰিব। এই সময়ত আপোনাৰ উন্নতি কোনেও ধৰি ৰাখিব নোৱাৰে।

কুম্ভ ৰাশি : সহজতে সুযোগ-সুবিধা আহিব পাৰে। কিন্তু খৰখেদা নকৰি সেয়া গ্ৰহণ কৰিলে নহ’ব। সকলো ভাগ্যৰ হাতত এৰি দিয়াটো ঠিক নহয়।

মীন ৰাশি : সময় খুবেই অনুকূল। যি কামতে হাত দিয়ক, তাতেই সফলতা আহিব পাৰে। কিন্তু সম্পৰ্কৰ ক্ষেত্ৰতে প্ৰচূৰ ধৈৰ্যৰ পৰীক্ষা দিবলগীয়া হ’ব পাৰে।

GTM Desk

Related