যুৱ সাংবাদিক মঞ্চ, অসমৰ নতুন সমিতি গঠন
কাৰ্যনিৰ্বাহক বৈঠকত য়ুথ কনক্লেভৰ প্ৰস্তাৱ

যুৱ সাংবাদিক মঞ্চ, অসমৰ নতুন সমিতি গঠনকাৰ্যনিৰ্বাহক বৈঠকত য়ুথ কনক্লেভৰ প্ৰস্তাৱ

গুৱাহাটী: দিছপুৰ প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত হোৱা যুৱ সাংবাদিক মঞ্চ, অসমৰ কাৰ্য নিৰ্বাহক বৈঠকত এখন য়ুথ কনক্লেভ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয় । ৰাজনৈতিক, সামাজিক, বানিজ্যিক আদি ক্ষেত্ৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু সাঙুৰি লৈ অনুষ্ঠিত হব এই কনক্লেভ । আজিৰ সভাত মঞ্চই ভৱিষ্যতে সংবাদ জগতৰ বাবে কৰিবলগীয়া কাম সমূহৰ বিষয়তো গুৰুত্বপূৰ্ণ আলোচনা কৰে।
ইফালে, আজিৰ কাৰ্য নিৰ্বাহক বৈঠকতে যুৱ সাংবাদিক মঞ্চৰ পূৰ্নাংগ সমিতি গঠন কৰা হয়। নতুন সমিতি ক্ৰমে, সভাপতি নীতিশ শৰ্মা, উপ সভাপতি মঞ্জুশ্ৰী কলিতা, কাৰ্যকৰী সভাপতি পংকজ মেধি, সম্পাদক দিব্যজ্যোতি দাস, যুটীয়া সম্পাদক হিৰুল হ’ক, হিমাক্ষী বৰুৱা, সাংগঠনিক সম্পাদক শ্বাহ আলম, বিত্ত সম্পাদক ৰঞ্জিতা দেবী, প্ৰচাৰ সম্পাদক বসন্ত দাস, সাহিত্য সম্পাদক দৃষ্টি ৰূপা বৰদলৈ সদস্য ক্ৰমে তথাগত ভট্টাচাৰ্য, অৰ্নৱ দাস ইত্যাদি উপস্থিত থাকে। সভাত জ্যেষ্ঠ সাংবাদিক হিমাংশু অনুপমে মঞ্চৰ সদস্যসকলক পৰামৰ্শ প্ৰদান কৰে।

GTM Desk