কেঁচা অমিতাৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

কেঁচা অমিতাৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

অমিতা আমাৰ দেহৰ বাবে বহু উপকাৰী। ইয়াৰ উপকাৰী গুণৰ বিষয়ে সকলোৱে জ্ঞাত। গেষ্ট্রিক, বহুজনৰ কষ্ট, শালমন আৰু ছালৰ দাগ দূৰ কৰাৰ বাবে বহুতে অমিতা খোৱা দেখা যায়। কিন্তু পকা অমিতাতকৈ কেঁচা অমিতা যে অধিক উপকাৰী সেয়া হয়তো সকলোৱে জ্ঞাত নহয়। তলত নিতৌ কেঁচা অমিতা খালে পাব পৰা উপকাৰিতাসমূহৰ বিষয়ে জানো আহক-

১/ কেঁচা অমিতাই ব্যক্তিৰ দেহত জমা হোৱা ছড়িয়াম দূৰ কৰাত সহায় কৰে। নিতৌ কেঁচা অমিতা খালে হৃদপিণ্ড সুস্থ হৈ থাকে। ছড়িয়ামে হৃদযন্ত্ৰৰ সমস্যা বঢ়ায়। তদুপৰি কেঁচা অমিতা খালে দেহত তেজৰ সৰবৰাহ নিয়ন্ত্ৰণ হৈ থাকে।

২/ নিতৌ কেঁচা অমিতা খালে উচ্চ ৰক্তচাপ সমস্যা নাইকীয়া কৰে।

৩/ কেঁচা অমিতাত বিভিন্ন ধৰণৰ প্ৰাকৃতিক এনজাইম থাকে। ইয়াৰ ভিতৰত দুটা উল্লেখযোগ্য এনজাইম হৈছে ছাইম’ পেপিন আৰু পেপিন। এই দুবিধ এনজাইমে প্রটিন চর্বি আৰু কাৰ্বহাইড্রেট দূৰ কৰাত সহায় কৰে।

৪/ নিতৌ কেঁচা অমিতা খালে ছালৰ সমস্যা দূৰ হয়। বিশেষকৈ শালমন আৰু ছালত হোৱা দাগ দূৰ কৰিবলৈ কেঁচা অমিতা বহু উপকাৰী। দৈনিক পুৱা দুই বা তিনি টোপাল কেঁচা অমিতাৰ আঠা পানীৰ সৈতে মিহলাই খালে ভোক বৃদ্ধি হয় আৰু হজম শক্তি বৃদ্ধি পায়।

৫/ কেঁচা অমিতাই তেজত শৰ্কৰাৰ মাত্ৰা কমায়। লগতে ইনছুলিনৰ পৰিমাণ বৃদ্ধি কৰে। কেঁচা অমিতাত থকা ফাইবাৰে কোষ্ঠকাঠিন্য, এচিডিটি, পাইছ আৰু ডায়েৰিয়া দূৰ কৰাত সহায় কৰে।

৬/ নিতৌ দুপৰীয়া আৰু ৰাতি খোৱাৰ পাছত এটুকুৰা কেঁচা অমিতা চোবাই খাই এগিলাচ পানী খালে পিছদিনা পুৱা পেট পৰিষ্কাৰ হয় লগতে গেষ্ট্ৰিক আৰু বদহজনৰ কষ্ট নাইকিয়া হয়।

GTM Desk