যদি আপোনাৰো টোপনিৰ অভাৱৰ দৰে সমস্যা আছে, তেন্তে নাখাব এই তিনিবিধ বস্তু!
টোপনিৰ অভাৱৰ বাবে এজন ব্যক্তি বহু বিপদজনক ৰোগৰ বলি হ’ব পাৰে। যদি আপোনাৰো টোপনিৰ অভাৱৰ দৰে সমস্যা আছে, তেন্তে এবাৰ আপোনাৰ খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। কাৰণ খাদ্য আৰু পানীয়ই মানুহৰ টোপনিৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলায়। সেইবাবেই খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। সুস্বাস্থ্যৰ বাবে টোপনি অতি প্ৰয়োজনীয়। টোপনিৰ লগত সুস্বাস্থ্যৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। টোপনিৰ অভাৱৰ বাবে এজন ব্যক্তি বহু বিপদজনক ৰোগৰ বলি হ’ব পাৰে। ইয়াৰ ভিতৰত হৃদৰোগ, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, স্তন কেন্সাৰৰ আশংকা, হতাশা আদি সমস্যা হ’ব পাৰে। গতিকে শোৱাৰ আগতে কিছুমান বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে।
ৰাতি শোৱাৰ আগতে এইবোৰ সেৱন নকৰিব
১) কেফেইনযুক্ত পানীয়ঃ ৰাতি মদ আৰু কেফেইনৰ পৰিমাণ নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। আপুনি এইটোও মনত ৰাখিব লাগে যে টোপনিৰ ধৰণত প্ৰভাৱ পেলোৱা কেফেইন বহু ধৰণৰ খাদ্য আৰু পানীয়ত পোৱা যায়। চাহ, কফি আৰু বিভিন্ন ধৰণৰ শীতল পানীয়ত কেফেইন পোৱা যায়। চকলেট আৰু বিষনাশক ঔষধতো ইয়াক পোৱা যায়। গতিকে ৰাতি শোৱাৰ আগতে এইবিলাক সেৱনৰ পৰা বিৰত থাকিব লাগে।
২) বিলাহীঃ আপুনি জানেনে ৰাতি শোৱাৰ আগত বিলাহী খোৱাটোও টোপনিৰ বাবে ভাল নহয়। কাৰণ বিলাহীয়ে এচিড ৰিফ্লাক্স সৃষ্টি কৰি হজম শক্তিৰ লগত জড়িত সমস্যা বৃদ্ধি কৰিব পাৰে। ৰাতি বিলাহী সেৱন কৰিলে অস্থিৰতা বৃদ্ধি পাব পাৰে আৰু তাৰপাছত আপুনি পৰ্যাপ্ত টোপনি পোৱাৰ সম্ভাৱনা অতি কম হৈ পৰে।
৩) পিঁয়াজঃ বিলাহীৰ বাহিৰেও পিঁয়াজ এনেকুৱা এটা বস্তু, যিয়ে আপোনাৰ পাচনতন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। পিঁয়াজে পেটত গেছ তৈয়াৰ কৰাৰ কাম কৰে। এই গেছে আপোনাৰ পেটৰ চাপত প্ৰভাৱ পেলায়, যাৰ ফলত এচিড ডিঙিৰ ফালে ওপৰলৈ যায়। বিশেষকৈ যেতিয়া আপুনি পোন হৈ শুই থাকে। আশ্চৰ্যজনকভাৱে কেঁচা বা সিজোৱা পিয়াঁজ দুয়োটাই এনে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে ৰাতি শোৱাৰ আগতে যিমান পাৰি পিয়াঁজ খোৱাৰ পৰা বিৰত থাকিব লাগে।