“মাতৃদুগ্ধ”এটি শিশুৰ জন্মৰ পিছত জীৱনৰ প্ৰথমটো প্ৰাকৃতিক আাহাৰ।সন্তান জন্ম পিছৰ পৰা আহাৰ হিচাপে এই দুগ্ধ এটি শিশুৰ বাবে অতি প্ৰয়োজনীয় ।ইয়াত নৱজাতকৰ প্ৰয়োজনীয় পুষ্টি আৰু শক্তি অধিক মাত্ৰাত পোৱাৰ লগতে এই মাতৃদুগ্ধত ৰোগ প্ৰতিৰোধক ক্ষমতাও বহু পৰিমানে দেখা যায়।এই মাতৃদুগ্ধই শিশুক ডায়েৰীয়া,নিউমোনিয়া আদি বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰাৰ লগতে শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত সহায় কৰে।সন্তান জন্মৰ ঠিক এঘন্টাৰ ভিতৰত এগৰাকী মাতৃয়ে স্তন পান কৰোৱাটো বাঞ্ছনীয় ।সন্তানৰ ৬ মাহ বয়স নোহোৱা পৰ্যন্ত কেৱল মাএ মাতৃদুগ্ধহে পান কৰাব লাগে।৬ মাহলৈ অন্য কোনো ধৰনৰ খোৱা খাদ্য শিশুক আহাৰ হিচাপে দিব নালাগে ।লক্ষনীয় যে ,স্তনপানৰ জৰিয়তে মাতৃগৰাকীৰো স্বাস্হ্য ভালে ৰখাত সহায় কৰে আৰু মাতৃৰ জৰায়ু আৰু স্তনৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।১-৭আগষ্ট ২০১৮ “বিশ্ব স্তনপান সপ্তাহৰ মাধ্যমেৰে মাতৃদুগ্ধৰ উপকাৰীতা আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে বহল ভাৱে প্ৰচাৰৰ উদ্দেশ্যে “ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান “(নেচনেল হেলথ মিছন)ৰ দ্বাৰা এক সচেতনতা বৃদ্ধিৰ প্ৰয়াস।
আজিৰে পৰা “বিশ্ব স্তনপান সপ্তাহ ২০১৮ ” পালন
1 min read
You May Also Like
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025