ধিঙৰ শালকাটি গাৱঁত নিশা আৰক্ষীয়ে অভিযান চলাই অবৈধ মৰনাস্ৰ সহ আটক কৰে কুথ্যত অপৰাধী এটাক ৷ ধৃত কুখ্যাত অপৰাধীটো শালকাটি গাঁৱৰ মফিদুল ইছলাম ৷ আৰক্ষীয়ে অভিযান চলাই কুখ্যাত অপৰাধী মফিদুল ইছলামৰ ঘৰৰ পৰা উদ্ধাৰ কৰে এটা পিষ্টল , এটা গ্ৰেনেড সহ চাৰিটা সজীৱ গুলী । নগাঁও জিলাৰ উপ আৰক্ষী অধিক্ষক জন দাসৰ নেতৃত্বত চলিছিল এই অভিযান ৷ কুখ্যাত অপৰাধীটোৱে আৰক্ষীৰ অভিযানত দুৱাৰ খুলি নিদিয়াত ধিং চক্ৰ বিষয়া মৃনাল বৰাৰ উপস্থিতিত দুৱাৰ ভাঙি ভিতৰত প্ৰবেশ কৰি আটক কৰে মফিদুলক ৷ ইতিমধ্যে ধিং অাৰক্ষীয়ে মাৰনাস্ত্ৰৰ লগতে কুখ্যাত অপৰাধী মফিদুলক অাটক কৰি ধিং থানাত জেৰা অব্যাহত ৰাখিছে । বিগত সময়তো বহুকেইটা অপৰাধৰ লগত জড়িত অাছিল মফিদুল ।
জুৰীয়াৰ পৰা পদুম ভূঞা |