সদ্যঘোষিত অসম লোকসেৱা অায়োগৰ ২০১৬ বৰ্ষৰ সংযুক্ত পৰীক্ষাৰ ফলাফলত ভূমি অাৰু ৰাজহ সেৱাত ৪৩ তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে জাজৰিৰ হিমাদ্ৰী বৰা। নগাঁৱৰ জাজৰি ঢলপুৰীয়া গাঁৱৰ প্ৰদীপ বৰাৰ জীয়ৰি তথা নগাঁৱৰ ব্ৰাহ্মণগাঁৱৰ চন্দ্ৰকান্ত বৰা আৰু ভদ্ৰাৱতী বৰাৰ ৱোৱাৰী হিমাদ্ৰী বৰাই জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষকৰূপে কৰ্ম সম্পাদন কৰি আহিছে। ব্ৰাক্ষণগাঁৱৰ সৰবৰহী ব্যক্তি তথা শিক্ষক উত্তম কুমাৰ বৰাৰ পত্নী হিমাদ্ৰী বৰাই শিক্ষকতাৰ সমান্তৰালভাৱে ঘৰুৱা সকলোধৰণৰ কাম সুকলমে সম্পাদন কৰি APSC ৰ দৰে এক কঠিন পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। হিমাদ্ৰীৰ সাফল্যৰ খবৰে পৰিয়ালবৰ্গৰ লগতে অঞ্চলৰ লোককো অানন্দিত কৰি তুলিছে।
APSC ত উজ্লিল নগাঁও জাজৰিৰ হিমাদ্ৰী বৰা ।
Posted on by Md Elias Ali
1 min read
Md Elias Ali
I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam