নগাঁও জিলাৰ জুৰীয়াৰ সমাজকৰ্মী তথা ধৰ্ম প্ৰাণ ব্যক্তি বিভু খাটনীয়াৰ পৰলোকপ্ৰাপ্তি ঘটে।

0 min read

জুৰীয়া নাম ধৰ্ম সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক ও থিয়টাঙনী নামঘৰৰ প্ৰাক্তন সম্পাদক তথা জুৰীয়া থিয়টাঙনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক বিভু খাটনিয়াৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ সমাজকৰ্মী খাটনিয়াৰ দেৱ এজন সু অভিনেতা হিচাপেও ৰাইজৰ মাজত জনপ্ৰিয় আছিল ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ ৷
তেওঁৰ মৃত্যুত জুৰীয়া নামধৰ্ম সমাজ , থিয়টাঙনী গাওঁৰ নামঘৰ পৰিচালনা সমিটি আৰু ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

You May Also Like

More From Author