লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুতৰ্ত নগাঁৱত আৰক্ষীয়ে জব্দ কৰিছে ৩০ কাৰ্টনকৈ বিলাতী সুৰা । নগাঁও সদৰ থানাৰ টাউন ব্ৰাঞ্চৰ আৰক্ষীয়ে শিয়ালমাৰীত অভিযান চলাই এই সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় । এখন মেক্সিম’ বাহনৰ জৰিয়তে বিলাতী সুৰাখিনি কামপুৰ অভিমুখে লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত বাহনখন জব্দ কৰাৰ লগতে বাহনখনত যাত্ৰী হিচাপে যোৱা আনোৱাৰ নামৰ এজন যুৱককো আটক কৰে ।
Adil Shah Alam report, Nagaon.