নলবাৰীত উদ্ভাৱনা ২০১৯ শীৰ্ষক বিজ্ঞানৰ মনোৰম অনুষ্ঠানৰ সামৰনি

1 min read

নলবাৰী ১১ মে ঃ নলবাৰীত উদ্ভাৱনা ২০১৯ শীৰ্ষক বিজ্ঞানৰ মনোৰম অনুষ্ঠানৰঅনুষ্ঠান সামৰনি পৰে ৷ অসম বিজ্ঞান সমিতিৰ আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজি ৰ যুটীয়া উদ্যোগত শনিবাৰে নলবাৰীত উদ্ভাৱনা ২০১৯ শীৰ্ষক এখনি মনোৰম বিজ্ঞানৰ অনুস্থানৰ আয়োজন কৰা হয়। ৰাতিপুৱাৰ ভাগত অনুষ্ঠানৰ শুভৰাম্ভ কৰে শংকৰদেৱ একাডেমী সমন্নয়ক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই, অনুষ্ঠানত অসম বিজ্ঞান সমিতিৰ নলবাৰী জিলাৰ সমন্নয়ক প্ৰদীপ মহন্ত, গিৰিজানন্দ প্ৰতিস্থানৰ নলবাৰীৰ সমন্নয়ক উৎপল বৰ্মন আৰু বিশিষ্ঠ সাহিত্যিক বিনয় কুমাৰ মজুমদাৰে অংশগ্ৰহণ কৰে। জিলাখনৰ ৩০ খনৰো অধিক শিক্ষা প্ৰতিষ্ঠানৰ ৩০ তাত কৈও অধিক বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শিত হয়। জিলা পৰ্যায়ত অনুস্থিত হোৱা এই প্ৰতিযোগিতাৰ পৰা তিনিটা দলক নগদ ধন আৰু প্ৰমানপত্ৰৰে পুৰস্কৃত কৰা হয়। ইয়াৰে মুকালমুৱাৰ আদৰ্শ বিদ্যালয়ৰ ছাত্র মাৰ্চিদুল আলম আৰু ফজল আখতাৰৰ দল আৰু শংকৰদেৱ শিশু নিকেটন নলবাৰীৰ জ্ঞানশ্ৰী কলিতা আৰু অংকিতা বৰ্মনৰ দল দুটাক অহা ১৮ মে ২০১৯ তাৰিখে গুৱাহাটীৰ গিৰিজানন্দ প্ৰতিষ্ঠানত হবলগা ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰা হয়। অসম বিজ্ঞান সমিতিৰ বৰভাগ শাখাই পৰিচালনা কৰা অনুস্থানটিৰ আঁত ধৰে বৰভাগ শাখাৰ সভাপতি বৰভাগ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মহানন্দ পাঠকে।

News Desk report-GTM

You May Also Like

More From Author