কটন বিশ্ববিদ্যালয়লৰ জেছমিন চুলতানা – হেমাংগ গগৈ লৈ শ্রেষ্ঠ দলৰ সন্মান।
দিশপুৰ আইন মহাবিদ্যালয় ৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা ধৰ্মানন্দ দাস সােৱৰণী আন্ত মহাবিদ্যালয় তর্ক প্রতিযোগিতাত কটন বিশ্ববিদ্যালয়ৰ জেছমিন চুলতানা আৰু হেমাংগ গগৈয়ে শ্রেষ্ঠ দলৰ সন্মান লাভ কৰে।
উক্ত তর্ক প্রতিযোগিতায় শ্রেষ্ঠ তার্কিকৰ সন্মান লাভ কৰে ন্যাশনেল ল’ ইউনিভাৰচিটিৰ তাহিদ আলমে। দ্বিতীয় শ্রেষ্ঠ দলৰ সন্মান লাভ কৰে|
সন্দিকৈ কলেজৰ কস্তুৰি চুতীয়া আৰু জিন্নত আফ্রিণৰ দলে। ৰাজ্য ৰ ভিন্ন মহাবিদ্যালয়ৰ অৰ্ধ শতাধিক তৰ্কিকে অংশগ্রহণ কৰা প্রতিযােগিতাখনৰ বিষয় আছিল সদনৰ
মতে-“ভাৰতৰনতুন প্রস্তারিত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০১৯ উত্তৰ পূৰ্বাঞ্চলৰ বর্তমান শৈক্ষিক আন্তঃগাঠনিত ব্যবহার্য নহব”।
প্রতিযোগিতা অধ্যক্ষ হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক প্রশান্ত ৰাজগুৰু। আনহাতে বিচাৰকৰ আসন অলংকৃত কৰে
বিশিষ্ট তার্কিক জিন্টু গোহাঁই, অধিবক্তা জোনমণি দেৱী খাউণ্ড আৰু অধ্যাপক মানবেন্দ্র শর্মাই।
Staff Report GTM