গোসাঁইগাঁও আৰক্ষীৰ জালত গো-মাফিয়াৰ এক বৃহৎ চক্ৰ :

1 min read

গোসাঁইগাঁও আৰক্ষীৰ এক বৃহৎ সফলতা।কোকৰাঝাৰ আৰক্ষীৰ এক গোপনসূত্ৰমৰ্মে যোৱাৰাতি শীমুলটাপু আৰক্ষীয়ে অভিযান চলাই গোসাঁইগাঁওৰ ৩১ নং ৰাষ্ট্ৰীয়ঘাইপথত জব্দ কৰে গৰু কঢ়িয়াই অনা এখন ট্ৰাক। পশ্চিমবংগৰ পৰা অসম অভিমুখে অহা AS 01GD 3837 নম্বৰৰ ট্ৰাকখনত কঢ়িয়াই অনা হৈছিল মুঠ ১৬ টাকৈ বহিঃৰাজ্যৰ গৰু। উল্লেখ যে বিগত বহুদিন ধৰি উক্ত গো-চক্ৰটোৱে অবৈধভাবে এনেদৰে চলাই আছিল এই গো-মাফিয়া। আৰু এই গো-চক্ৰটোৰ তিনি নায়ক ক্ৰমে শ্বিলঙৰ অৰুণ লিংড,গুৱাহাটী মহানগৰীৰ মুন্না শইকীয়া ওৰফে ইকৰাম খান আৰু খিৰুদ শইকীয়াই যোৱানিশা উক্ত গো-পৰিবাহী ট্ৰাকখনৰ সুৰক্ষা দি পিছে পিছে এখন বিলাষী গাড়ীয়েদি আহি থকা অৱস্থাত হাতেলোতে মুঠ ১০ জনীয়া এটা দল গোসাঁইগাঁও আৰক্ষীৰ কৱলত পৰে। পৰৱৰ্তী সময়ত এই ধৃতসকলক গোসাঁইগাঁও আৰক্ষী চকীত আনি তদন্তৰ অন্তত 120B/353/420/506 ধাৰাৰ অধীনত ৩৮৮/২০১৯ নম্বৰৰ গোচৰ ৰুজু কৰা হয়।কিন্তু তাপৰ্যপূৰ্ণভাবে গোসাঁইগাঁও আৰক্ষী প্ৰশাসনে ধৃতসকলক সাংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণৰূপে বিৰত ৰাখে।

গোসাঁইগাঁওৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন GTM

You May Also Like

More From Author