দেশৰ অন্যান্য প্ৰান্তৰৰ লগতে নগাঁও জিলাৰ ৰূপহীত ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গটঙা বাসী ৰাইজৰ সহযোগত গটঙা সৰস্বতী পুথিভঁৰাল প্ৰেক্ষাগৃহত দিন যোৰা কাৰ্য্যসূচীৰে ভাৰত ৰত্ন বিশ্ব বৰেণ্য শিল্পী , সংগীত সূৰ্য ড° ভূপেন হাজৰিকা দেৱৰ জন্ম জয়ন্তী উদ্যাপন কৰা হয় ৷
পুৱা ৯ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মযুৰ কাকতি দেৱে আৰু তাৰ পাছতেই শ্বহীদ তৰ্পণ , ড° ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান , বৃক্ষৰোপণ আৰু ছাত্ৰছাত্ৰীৰ মাজত চিত্ৰাংকন ও কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ বিয়লি ২ বজাত সমাজৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আৰু বঁটা বিতৰণী সভাৰ আয়োজন কৰা হয় ৷
সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়া দেৱৰ লগতে কেন্দ্ৰীয় তথা নগাঁও জিলা সমিতিৰ কেইবাজনো বিষয় ববিয়া ৷ সন্ধা হাজৰিকা দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বালন কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক কংকণ শৰ্মা দেবে ৷ তাৰ লগে লগে হাজৰিকা দেবৰ গীতৰ তালে তালে নৃত্য পৰিদৰ্শন কৰাৰ লগতে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰা হয় ৷ ৰাইজৰ বিপুল সহাৰি আৰু সহযোগিতাক ছাত্ৰ সন্থাৰ সকলো বিষয় ববিয়াই আন্তৰিকতাই শলাগ লৈছে ৷
পদুম ভূঞা Report GTM