ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰে উজ্জ্বলিল নগঞা সাহিত্যিক মতিউৰ ৰহমান ৷

1 min read

ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰে উজ্জ্বলিল নগঞা সাহিত্যিক মতিউৰ ৰহমান ৷

এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অসমৰ এগৰাকী যুৱ সাহিত্যিকৰ ! দেওঁবাৰে কলিকতাৰ ঠাকুৰবাৰী প্ৰেক্ষাগৄহত সমতা সাহিত্য একাডেমীয়ে প্ৰদান কৰা ৰবীন্দ্ৰ নাথ ঠাকুৰ ৰাষ্টীয় বিশেষ বঁটা বিতৰণী অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত নগাঁও জিলাৰ জুৰীয়া উদমাৰীৰ উদীয়মান সাহিত্যিক মতিউৰ ৰহমানে তেওঁৰ *”সপোনৰ সুৰভি”*নামৰ কবিতা সংকলনৰ বাবে “ৰবীন্দ্ৰ নাথ ঠাকুৰ ” ৰাষ্টীয় বঁটা লাভ কৰিবলৈ সক্ষম হয় । উদীয়মান সাহিত্যিক মতিউৰ ৰহমানৰ এই বঁটা লাভৰ বাবে সমগ্ৰ জুৰীয়াৰ লগতে নগাঁও জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে । মতিউৰ ৰহমান নগাঁও জিলাৰ উদমাৰী গাওঁৰ বাসিন্দা ইয়াকুব আলী আৰু আম্বিয়া খাতুনৰ দ্বিতীয় পুত্ৰ । বৰ্তমান তেওঁ বাংগালোৰত উচ্চ শিক্ষা গ্ৰহন কৰি আছে !

জুৰীয়াৰ পৰা পদুম ভূঞা ৷

You May Also Like

More From Author