বোকাখাতৰ ৰজাবাৰীত আৰু লখৌজানত হোৱা দুটা পৃথক পথ দূৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয় ৷ আজি পুৱাতে লখৌজানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত হোৱা এক পথ দূৰ্ঘটনাত গুৱাহাটীৰ হায়ট চিকিৎসালয়ৰ এখন এম্বুলেঞ্চে অতুল পাল নামৰ এজন পথাচাৰীক মহতিয়াই নিয়ে ৷ এম্বুলেঞ্চৰ খুন্দাত পথৰ পৰা দলংৰ তলত চিটিকি পৰে অতুল পাল ৷ পাচত এম্বুলেঞ্চেৰে আহত অতুল পালক গুৱাহাটীলৈ নিয়াৰ পথত আমনিতে শেষ নিঃশ্বাস ত্যাগ কৰে অতুল পালে ৷ দ্বিতীয়তো ঘটনা সমীপৰে ৰজাবাৰীত সংঘৰ্টিত হয় ৷ এই শোকাবহ পথ দূৰ্ঘটনাত ৰূপজ্যোতি বৰা নামৰ এজন যুৱক নিহত হয় । ৰাষ্ট্ৰীয় পথেৰে আহি থকা গেছ কঢ়িওৱা NL01Q 1905 নম্বৰৰ ট্ৰেংকাৰৰ সৈতে ৰূপজ্যোতিয়ে চলাই যোৱা NL02E 1794 নম্বৰৰ মটৰ চাইকেলৰ মাজত ৰজাবাৰীত 37 নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘৰ্ষ হৈ AS02 AC 2282 নম্বৰৰ ট্ৰেভেলাৰৰ তলত সোমায় পৰে। ঘটনাৰ পাচতেই আহত ৰূপজ্যোতি বৰাক বোকাখাত অসামৰিক চিকিৎসালয়লৈ অনাৰ পাছতেই শেষ নিঃশ্বাস ত্যাগ কৰে যুৱক জনে ৷ জনপ্ৰিয় যুৱক ৰূপজ্যোতি বৰা ৰজাবাৰীৰে বীৰেন বৰাৰ এক মাত্ৰ পুত্ৰ আছিল ।
বোকাখাতত পৃথক দুটা পথ দূৰ্ঘটনাত দুজন লোকৰ মৃত্যু
Posted on by Desk Editor
1 min read
You May Also Like
More From Author
Assembly committee visits Bongaigaon
November 18, 2021
Apple Watch Series 7 up for pre-orders
October 10, 2021