গুৱাহাটী, ১২ ফেব্ৰুৱাৰীঃ ঐতিহ্যমণ্ডিত গুৱাহাটী চিনে ক্লাবে যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈকে চাৰিদিনীয়াকৈ আয়োজন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ উৎসৱ সোমবাৰে সফলতাৰে সামৰণী পৰে ।
বাংলাদেশৰ চলচ্চিত্ৰ “চিনচিয়েৰলী ইয়ৰচ ঢাকা” নামৰ চলচিত্ৰখনৰ প্ৰদৰ্শনৰ পাছতে আৰম্ভ হোৱা সামৰণী অনুষ্ঠানত গুৱাহাটী চিনে ক্লাবে আয়োজন কৰা চুটি চলচ্চিত্ৰ প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয় । এই বঁটাসমূহ প্ৰদান কৰে বিশিষ্ট শিল্পী পুলক গগৈয়ে । ইফালে এই চুটি চলচ্চিত্ৰ বঁটাসমূহ লাভ কৰে ক্ৰমে প্ৰণৱ ভৰালীৰ ‘আই এম গুড’ এ প্ৰথম, দ্বিতীয় চন্দ্ৰ শেখৰ দাসৰ ‘মূৰ্তি’, তৃতীয় যুটীয়াভাৱে অৰিন্দম বৰুৱাৰ ‘প্ৰত্যুষ’ আৰু জিতু দাসৰ ‘মেই অৱ মেমৰী’য়ে । লগতে বিচাৰকৰ দ্বাৰা বিশেষভাৱে উল্লেখিত হয় খঞ্জন কিশোৰ নামে নিৰ্মাণ কৰা ‘দ্য বয় উইথ এ গান’ নামৰ চুটি চলচিত্ৰখন ।
এই সামৰণী অনুষ্ঠানত উপস্থিত থাকি আয়ুক্ত সচিব প্ৰীতম শইকীয়াই গুৱাহাটী চিনে ক্লাবৰ দ্বাৰা প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱ আৰু চুটি চলচ্চিত্ৰৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সন্তোষ প্ৰকাশ কৰাৰ লগতে উচ্চ প্ৰশংসা কৰে ।
উল্লেখ্য যে প্ৰতিবছৰে ডিচেম্বৰ মাহত ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ উৎসৱ এইবাৰ অনিবাৰ্য কাৰণত স্থগিত ৰাখিবলগীয়া হৈছিল আৰু পাছত ফেব্ৰুৱাৰী মাহত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ।