চামগুৰিৰ বিভিন্ন অঞ্চলত দীৰ্ঘ দিনে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। বিগত কেইবামাহৰ আগত এক গোপন সূত্রৰ পম খেদি চামগুৰি আৰক্ষীৰ লগতে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চামগুৰিৰ সাপ্তাহিক বজাৰৰ সমিপত থকা জাকিৰ মাচুম এন্টাৰপ্ৰাইজ নামৰ দোকান খনত এক অভিযান চলাই দোকান খনৰ পৰা যথেষ্ট সংখ্যক ড্ৰাগছযুক্ত টেবলেট,ভাং আৰু লিকু বটলৰ লগতে দোকান খনৰ কৰ্মচাৰী মাইনুল হুছেইক আটক কৰিছিল যদিক দোকান খনৰ স্বতাধিকাৰী অথাৎ ড্ৰাগছ ব্যৱসায়ী জাকিৰ হুছেইন আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে। দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ ব্যৱসায় কৰাৰ লগতে পলাতক অৱস্থাত থকা জাকিৰ হুছেইনক আজি এক গোপন সূত্রৰ অনুসৰি চামগুৰিৰ আৰক্ষী বিষয়া মুনিন্দ্ৰ নাথৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে চামগুৰিৰ পৰা নগাঁওলৈ গৈ থকা অৱস্থাত নগাঁৱৰ সমিপত আটক কৰে। বৰ্তমান চামগুৰি আৰক্ষীয়ে জাকিৰ হুছেইনক নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে।
চামগুৰি আৰক্ষীৰ এক বৃহৎ সফলতা। দীৰ্ঘদিনে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰি থকা ড্ৰাগছ ব্যৱসায়ীক আটক।
Posted on by GTM Desk
0 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025