দেৱাশিস হত্যা: ফাষ্ট ট্রেক আদালতত হ’ব হত্যাকাৰীৰ বিচাৰ

1 min read

গুৱাহাটী: দেৱাশিস গগৈৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ড্রেক আদালতত হ’ব৷ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আজি সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে৷ সাংসদ গগৈয়ে দেৱাশিসৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগত বিষয়টোক লৈ আলোচনা কৰাৰ পিছত মুখ্যমন্ত্রীয়ে এই ঘটনাৰ বিচাৰ ফাষ্ট ড্রেক আদালতত হ’ব বুলি উল্লেখ কৰাৰ কথা সাংসদ গগৈয়ে জানিবলৈ দিয়ে৷

ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছায়ো দেৱাশিসৰ ঘৰলৈ গৈ পৰিয়ালটোক সাত্ব্ন্না দিয়ে আৰু দেৱাশিসৰ মৃত্যুত শোক প্রকাশ কৰে৷ উল্লেখ্য যে মৰিয়নিৰ নকছাৰী মিলগাঁৱৰ যুৱক দেৱাশিস গগৈৰ হত্যাকাণ্ডৰ ঘটনাই ইতিমধ্যে সমগ্র অসম জোকাৰি গৈছে৷ নিজৰ দেউতাক আৰু বায়েকৰ সন্মুখতে এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাক সকলোৱে নিন্দা কৰিছে৷ সর্বত্র কেৱল নিন্দা–গৰিহণা৷ নকছাৰী মিলগাঁৱৰ ঘৰখনত আজিও শোকৰ বন্যা৷ একমাত্র পুত্রক হেৰুৱাই মাতৃ ৰুমী গগৈ সম্প্রতি অসুস্থ৷ চিকিৎসকৰ পৰামর্শমতে চেলাইন লৈ বিছনাত পৰি থাকিবলগীয়া হৈছে ৰুমী গগৈ৷ ইয়াৰ মাজতে দেৱাশিসৰ ঘৰখনলৈ বৈছে বিভিন্নজনৰ সোঁত৷ এটাই উদ্দেশ্য– হতভগীয়া পৰিয়ালটোক মাত এষাৰ দি কিছু সাত্ব্ন্না দিয়া৷ ইফালে, আলোচনাপন্থী আলফা নেতা জিতেন দত্ত আজি দেৱাশিসৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয়– খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰক চৰকাৰ– প্রশাসনে৷ পদে পদে খিলঞ্জীয়া লাঞ্ছিত হোৱাটো কেতিয়াও মানি লোৱা নহ’ব৷ নহ’লে খিলঞ্জীয়াই নিজৰ ব্যৱস্থা নিজেই কৰিব৷ এই ঘটনাত জডিত সকলোকে উচিত শাস্তি দিবলৈ আহ্বান জনায় আলফা নেতাজনে৷

আইনৰ সুৰুঙাৰ মাজেদি যাতে কোনো দোষী ব্যক্তি সাৰি যাব নোৱাৰে তাৰ প্রতি দৃষ্টি দিবলৈও আৰক্ষী–প্রশাসনক আহ্বান জনায় তেওঁ৷ আলফাৰ আলোচনাপন্থী গোটৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু তেওঁৰ পত্নী কাবেৰী কছাৰী ৰাজখোৱায়ো দেৱাশিসৰ ঘৰলৈ গৈ পৰিয়ালটোক সমবেদনা জনায়৷ প্রাক্তন আলফা নেতাজনে লগতে কয়– এয়া এক ভয়ংকৰ বতৰা৷ আগন্তুক দিনত এইটো খিলঞ্জীয়াৰ বাবে ভয়াৱহ খবৰ হ’ব পাৰে৷ ই এক গর্হিত কাম ৷ আনহাতে, সদৌ তাই আহোম ছাত্র সন্থা চমুকৈ আটাছুৰ সভাপতি লিতুল বুঢ়াগোহঁায়ে পৰিয়ালৰ লোকক সাক্ষাৎ কৰি সমবেদনা জনোৱাৰ লগতে সকলো দোষীয়েই যাতে শাস্তি পায়, তাৰ বাবে চৰকাৰক আহ্বান জনায়৷ সদৌ অসম চুতীয়া ছাত্র সন্থাৰ কেন্দ্রীয় সমিতিৰ সহকাৰী সম্পাদক ৰাজ বাঢ়ৈ বৰা চুতীয়াই শোকাকুল পৰিয়ালটিক সাক্ষাৎ কৰি সমবেদনা জনায় আৰু দোষীক কঠোৰতম শাস্তি দিবলৈ দাবী জনায়৷ বিজেপি, কংগ্রেছ আদি বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ ভিৰ দেখা গ’ল আজি প্রয়াত দেৱাশিসৰ ঘৰত৷ লিবাৰেল ডেম’ক্রেটিক পার্টী (এল ডি পি)ৰ যোৰহাট জিলাৰ সভাপতি দিলীপ কুমাৰ বৰদলৈ আৰু দলটোৰ ৰাজ্যিক সমিতিৰ ডাঃ প্রদীপ শইকীয়াই এই ঘটনাত দুখ প্রকাশ কৰাৰ লগতে ঘটনাৰ ন্যায়িক তদন্ত দাবী জনাইছে৷

(NIYOMIYA BARTA)

You May Also Like

More From Author