গুৱাহাটী: ক’ৰ’না আতংকৰ মাজতে বৃৃহস্পতিবাৰে ঘোষণা কৰা হ’ব চলিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল।পুৱা ৯ বজাত শিক্ষা সংসদে প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল পদ্ধতিত ঘোষণা কৰিব ফলাফল।কলা,বিজ্ঞান আৰু বাণিজ্যিক শাখাত একেলগে ঘোষণা কৰা হ’ব ফলাফল।
ফলাফল ঘোষণাৰ বাবে সংসদে নিৰ্ধাৰণ কৰিছে ১৪টা ৱেবছাইট-
www.ahsec.nic.in
www.asssamresult.in
www.schools9.com
www.results.shiksa
www.newsnation.inw
ww.newsstate.com
www.indiaResults.com
www.iResults.net
www.EduAssam.com
www.vidyavision.com
www.exametc.com
www.ExamResults.net/assam
www.jagranjosh.com
www.assamresult.co.in
উল্লেখ যে ছাত্ৰ-ছাত্ৰীসকলে ৰোল নম্বৰ টাইপ কৰি এই ছাইটসমূহৰ যিকোনো এটাত চাব পাৰিব ফলাফল।ৱেবছাইটসমূহতে লাভ কৰিব মার্কশ্বিট।
সংসদৰ অধীনষ্ঠ সকলো বিদ্যালয়লৈ পুৱা ৯বজাৰ লগে লগে ই-মেইল যোগে প্ৰেৰণ কৰা হ’ব ফলাফল।
উল্লেখ যে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ২,৩৬,৮০৯ গৰাকী শিক্ষাৰ্থী।কলা শাখাত ১,৭৫,১৭৫ গৰাকী,বিজ্ঞান শাখাত ৪০,৫৮৮গৰাকী,বাণিজ্য শাখাত ১৮,১৭৮ গৰাকী আৰু বৃত্তিমূলক শাখাত ৮৬৮গৰাকী।
এই কথা সদৰি কৰিলে অধ্যক্ষ দয়ানন্দ বৰগোঁহাইয়ে।