তিনিচুকীয়া, ১ জুন: তিনিচুকীয়া জিলাৰ বাঘজান তৈলখাদৰ ঘটনা সম্পৰ্কত তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত আজি মৰাণ জনজাতিৰ অভিভাৱক সংগঠন, অসম মৰাণ সভাৰ লগতে মহিলা সংগঠন মৰাণ জাতীয় মহিলা পৰিষদৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । কৰ’না ভাইৰাছ মহামIৰীৰ চৰকাৰী নিৰ্দেশনা মানি সামাজিক দূৰত্ব বৰ্তাই হাতে -হাতে প্লে-কাৰ্ড লৈ অইলৰ বিৰুদ্ধে সংগঠন কেইটাই প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখযোগ্য যে, বাঘজান অইল খাদৰ পৰা নিৰ্গত হােৱা গেছ শীঘ্রে বন্ধ কৰা, বাঘজান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ পূর্ণ নিৰাপত্তা প্ৰদান ,বাঘজান গাঁৱৰ আক্রান্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপুৰণ প্ৰদান কৰা , ডিব্রু ছৈখােৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মতাপুং মাগুৰি বিলৰ জীৱকুলক ৰক্ষা কৰা, তিনিচুকীয়া জিলাত নতুনকৈ তৈল খাদ স্থাপন বন্ধ কৰা আদি কেইবাটাও দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই ।
ইফালে প্ৰতিবাদ সাব্যস্ত কৰি জৈব বৈচিত্ৰৰ লগতে জনবসতিপূৰ্ণ এলেকাত উদ্যোগ স্থাপন কৰিবলৈ চৰকাৰক অনুমতি প্ৰদান নকৰিবলৈ দবী জনাই অসম মৰাণ সভা আৰু মৰাণ জাতীয় মহিলা পৰিষদে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে । আজিৰ কাৰ্যসূচীত সদৌ মৰাণ ছাত্ৰ সন্থায়ো সহযোগিতা আগবঢ়ায়।