🔸 বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালত কোভিড পজিটিভ গৰ্ভৱতী মহিলাৰ অস্ত্ৰোপচাৰ ৷
🔸পি পি ই কিট পিন্ধি নিশা এঘাৰ বজাত জৰুৰীভাৱে অস্ত্ৰোপচাৰ কৰিলে চিকিৎসা মহাবিদ্যালয় হস্পিতালখনৰ চিকিৎসকে ৷
Wearing PPE kits, our team in Barpeta Medical College has conducted the first Caesarean section of a COVID positive pregnant lady. My sincere gratitude to the members of the team pic.twitter.com/cdMaHdY4L0
— Himanta Biswa Sarma (@himantabiswa) July 27, 2020
🔸 হাউলী ২ নং ৱাৰ্ডৰ জুহমা সেন নামৰ ২২ বছৰীয়া গৰ্ভৱতী মহিলা গৰাকীক কালি ভৰ্তি কৰোৱা হৈছিল চিকিৎসা মহাবিদ্যালয় হস্পিতালখনত ৷
🔸 অস্ত্ৰোপচাৰৰ পুৰ্বে ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছিল মহিলা গৰাকীক ৷
🔸 কোভিড পজিটিভ ৰিপোৰ্ট অহাৰ পিছত পি পি ই কিট পিন্ধি নিশা এঘাৰ বজাত মহিলা গৰাকীৰ চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰা হয় ৷
🔸 অস্ত্ৰোপচাৰৰ জৰিয়তে এটি কন্যা সন্তানৰ জন্ম দিয়ে মহিলা গৰাকীয়ে ৷
🔸 সম্প্ৰতি প্ৰসূতি মহিলা গৰাকীক কোভিড ৱাৰ্ডত ভৰ্তি কৰি ৰখা হৈছে ৷
🔸 সদ়্যজাত কন্যা শিশুটিক বেবী কেয়াৰ ইউনিটত নিৰীক্ষণত ৰখা হৈছে ৷
🔸 সুস্হ অৱস্হাত আছে সদ্যজাত কন্যা শিশুটি আৰু মাতৃ ৷
🔸 অস্ত্ৰোপচাৰৰ পিচতে শিশুটিৰ কোভিড পৰীক্ষা কৰা হয় ৷ শিশুটিৰ কভিড ফলাফল নিগেটিভ ৷
🔸পাচদিন পিচত পুণৰ শিশুটিৰ কোভিড টেষ্ট কৰা হব ৷