দৰং যুৱ কংগ্ৰেছৰ ‘ৰোজগাৰ দ’ শীৰ্ষক সংবাদমেল

1 min read

২০১৪ চনত বিজেপি দলে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পূৰ্বে দৰিদ্ৰতা দূৰিকৰণ কৰাৰ উদ্যেশ্যে দিয়া প্ৰতিশ্ৰুতি চৰকাৰ গঠন কৰাৰ পিছত দ্বিতীয়টো কাৰ্যকালটো ৰক্ষা নকৰিলে ৷ এই অভিযোগ উত্থাপন কৰিছে দৰং জিলা যুৱ কংগ্ৰেছ কমিটীয়ে। এবছৰত ২ কোটি নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ আনহাতে, সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন অসম চৰকাৰে এবছৰত ২৫ লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰাৰ পিছত কাৰ্যত পাহৰিলে তেওঁ দিয়া প্ৰতিশ্ৰুতি ৷ আজি মঙলদৈ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই অভিযোগ দৰং যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিদ্বয় আব্দুল্লা শ্বেখ আৰু অঞ্জন ডেকাই ৷ চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদক সমৰ্থন কৰিবলৈ ৭৯৯৮৭৯৯৮৫৪ মিছকল দিবলৈ আহ্বান জনালে কাৰ্যকৰী সভাপতিদ্বয়ে। আনহাতে, কৰ’না মহামাৰীৰ বাবে বহিঃৰাজ্যত থকা অসমৰ লক্ষাধিক শ্ৰমিক নিজ ৰাজ্যলৈ ওভতি আহিছে যদিও আজিলৈ তেওঁলোককো চৰকাৰে সংস্থাপনৰ কোনো ব্যৱস্থা নকৰাত ক্ষোভ প্ৰকাশ কৰে যুৱ কংগ্ৰেছী সকলে।

You May Also Like

More From Author