অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ এগৰাকী মহিলা৷
অসম আৰক্ষী অপৰাধ শাখাই উলুবাৰীৰ ‘ইৰিগেছন কলনি’ত অভিযান চলাই যোগমায়া ব্ৰহ্ম নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে।জানিব পৰা মতে,মহিলাগৰাকী জলসিঞ্চন বিভাগৰ নিম্ন সহায়ক পদত কৰ্মৰত৷
আৰক্ষীৰ উপ-পৰিদৰ্শক পদত অৱতীৰ্ণ বহু প্ৰাৰ্থীক মহিলাগৰাকীয়ে চাকৰি দিয়াৰ প্ৰলোভন দিছিল৷বহু প্ৰাৰ্থীৰ লগত মহিলাগৰাকীয়ে যোগাযোগ কৰাৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে৷
উল্লেখযোগ্য যে, গ্ৰেপ্তাৰৰ পাছতেই ক’ভিড পৰীক্ষাত পজিটিভ চিহ্নিত হোৱাৰ বাবে মহিলাগৰাকীক জি এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে৷
Dainik Janambhumi