অসম চৰকাৰৰ পৰিবহন, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে ঘোষণা কৰে যে অসম চৰকাৰে ২লাখ অসমৰ চাহ খেতিয়কক ভূমি পট্টা প্ৰদান কৰিব ।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অসম চৰকাৰৰ মন্ত্ৰীজনে ঘোষণা কৰে যে অহা ৫অক্টোবৰত অসম চৰকাৰে প্ৰায় ৬০,০০০ খিলঞ্জীয়া নাগৰিকক ভূমি পট্টা প্ৰদান কৰিব । ইয়াৰ আগতে প্ৰায় ৪৫,০০০ নাগৰিকক ভূমি পট্টা প্ৰদান কৰা হৈছিল আৰু এই প্ৰক্ৰিয়া চলি থাকিব ।
মন্ত্ৰীজনে অসমত ২লাখ ক্ষুদ্ৰ চাহ খেতিয়ক থকাৰ কথা উল্লেখ কৰি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ বাবে ভূমি পট্টা দিয়াৰ বাবে নিৰ্দেশ দিছে আৰু ইতিমধ্যে এই প্ৰচেষ্টা আৰম্ভ হৈছে বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে ।
DAINIK JANAMBHUMI