খালী পেটত ঘিঁউ খালে হয় বহু উপকাৰ, মুক্ত হ’ব পাৰি বহু শাৰীৰিক সমস্যাৰ পৰা

1 min read

পুৱা উঠি গৰম পানীৰ সৈতে ঘিঁউ মিহলি কৰি খালে বহুকেইটা উপকাৰ হয়। খালী পেটত গৰম পানীৰ সৈতে ঘিঁউ মিহলি কৰি খোৱাৰ অভ্যাস কৰিলে বহু কেইটা ৰোগৰ পৰা বাছি থাকিব পাৰি বুলি উল্লেখ কৰিছে আয়ুৰ্বেদ চিকিত্‍সাই। ইয়াত থকা এণ্টি অক্সিডেণ্টে নানা ধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰে।  কিন্তু মনত ৰাখিব যে, পুৱা গৰম পানীৰ সৈতে ঘিঁ খোৱাৰ পিছত ৩০ মিনিট সময় অন্য একো খাব নোৱাৰিব।

ঘিঁউত থাকে স্বাভাৱিক এমি’ওনো এচিড। পেটৰ অস্বাভাৱিক চৰ্বি কমোৱাত সহায় কৰে। ওমেগা থ্ৰী, ওমেগা ফেটী এচিড থকাৰ বাবে অপ্ৰয়োজনীয় বডি ফেট কম কৰাত সহায় কৰে।  যি ওজন হ্ৰাস কৰিবলৈ বিচাৰি আছে, তেওঁ গৰম পানীৰ সৈতে ঘি খাব পাৰে। ই বেড কোলেষ্ট’ৰেল কমাব আৰু শৰীৰ সুস্থ কৰি ৰাখিব।

খালী পেটত ঘিঁউ খালে মস্তিষ্কৰ বাবে অতি উত্তম। ঘিঁউত থকা নানা ধৰণৰ প্ৰ’টিনে মস্তিষ্ক শক্তিশালী কৰাত সহায় কৰে। ঘিঁউয়ে বৃদ্ধি কৰে স্মৃতি শক্তি।

সাধাৰণতে কোৱা হয় যে, লিকুইডে বিভিন্ন হাড়ৰ জোৰা শক্তিশালী কৰে। খালী পেটত ঘিঁ খালে এই লুব্ৰিকেণ্ট তৈয়াৰ হয়। আৰু হাড়ৰ জোৰাৰ বিভিন্ন সমস্যা দূৰ হয়। ঘিঁয়ে হাড় শক্তিশালী কৰে।

শৰীৰৰ ৰক্ত সঞ্চালনত ঘিঁউৱে বিশেষ ভাবে সহায় কৰে।  কোষত ফ্ৰিৰেডিকেল হ্ৰাস কৰাত সহায় কৰে।

 

You May Also Like

More From Author