ছিণ্ডিকেট আৰু অসাধু চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই সাংবাদিকক হত্যা কৰা হৈছেঃ গৌৰৱ গগৈ

1 min read

‘বিজেপি চৰকাৰৰ দিনতেই অধিক দুৰ্নীতি হৈছে ৷ সকলো বস্তুটোৰে মূল্যবৃদ্ধি হৈছে ৷ আনকি বিজেপি চৰকাৰৰ দিনতেই ছিণ্ডিকেট আৰু মাফিয়াৰাজ অধিক চলিছে ৷ এইবোৰ কামত বিজেপিৰ বহু নেতা জড়িত৷ সেয়েহে এইবোৰৰ বিৰুদ্ধে বিজেপি নেতাই মাত নামাতে ৷ কিন্তু কংগ্ৰেছে মাত মাতি আহিছে এইবোৰৰ বিৰুদ্ধে ৷” -এই মন্তব্য কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ ৷

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইদঙীয়াত বুধবাৰে দলংঘাট আৰু বটদ্ৰৱা ব্ল’ক মহিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত বিশাল কৰ্মীসভাত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে লগতে কয় যে, ‘বৰ্তমান অসমত অন্যায়ৰ বিৰুদ্ধে, অসাধু চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই সাংবাদিকক হত্যা কৰা হৈছ ৷ কিন্তু এনে অন্যায়-দুৰ্নীতি নিৰ্বিঘ্নে চলি থকাৰ পিছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেৱল গাদী ৰক্ষাৰ স্বাৰ্থতহে ব্যস্ত হৈ আছে৷’

ক্ষমতাশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম উচ্চাৰণ নকৰাকৈ সাংসদ গৌৰৱ গগৈয়ে মন্ত্ৰীগৰাকীক কটাক্ষ কৰি কয় যে, ‘এগৰাকী মন্ত্ৰীয়ে আছু, কংগ্ৰেছৰ দৰে সৰ্বানন্দ সোণোৱালকো বিশ্বাসঘাটকতা কৰিব ৷’

অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামণি বৰাই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাখনিত সাংসদগৰাকীয়ে এতিয়া নতুন চিন্তাৰ ৰাজনীতিৰ দৰকাৰ বুলি উল্লেখ কৰি কয় যে, ‘শান্তি আৰু সম্প্ৰীতি থাকিলেহে উন্নয়ন সম্ভৱ ৷ এই উন্নয়নৰ বাবে প্ৰয়োজনীয় শান্তি আৰু সম্প্ৰীতি আনি দিব পৰা দল হৈছে কংগ্ৰেছ ৷’

দলংঘাট আৰু বটদ্ৰৱা ব্ল’ক মহিলা কংগ্ৰেছৰ বিভিন্ন মণ্ডলৰ পৰা অহা সহস্ৰাধিক মহিলা কৰ্মীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে একালৰ সৰ্তীথ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়, ‘অসমৰ মাটি আজি ইখনৰ পাছত সিখন  চুবুৰীয়া ৰাজ্যই দখল কৰিছে ৷ কিন্তু নেডাৰ আহ্বায়ক হৈ হেলিকপ্টাৰত উঠি এম এল এ চুৰি কৰিবলৈকে তুমি আছা নেকি?’

চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন সন্দৰ্ভত ৰকিবুল হুছেইনে লগতে কয়, ‘তাত তুমি বাঘ,  ইয়াত মেকুৰী ৷ সভাত প্ৰাক্তন মন্ত্ৰী গৌতম বৰা ,অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামনি বৰা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিৎ বৰা প্ৰমুখ্য বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

You May Also Like

More From Author