বিহাৰৰ নিৰ্বাচনত এনডিএ ১২৫ খন আসন লাভ কৰাৰ লগতে বিজেপিয়ে অকলে ৭৪ খন আসনত জয়লাভ কৰে । বিহাৰ নিৰ্বাচনত বিজয়ৰ বাবে বিহাৰৰ জনতাৰ আশীৰ্বাদত লোকতন্ত্ৰই পুনৰ এবাৰ বিজয় সাব্যস্ত কৰিলে বুলি প্ৰধানমন্ত্ৰী মোডীয়ে টুইট যোগে ব্যক্ত কৰে ।
बिहार में जनता-जनार्दन के आशीर्वाद से लोकतंत्र ने एक बार फिर विजय प्राप्त की है।@BJP4Bihar के साथ एनडीए के सभी कार्यकर्ताओं ने जिस संकल्प-समर्पण भाव के साथ कार्य किया, वह अभिभूत करने वाला है। मैं कार्यकर्ताओं को बधाई देता हूं और बिहार की जनता के प्रति हृदय से आभार प्रकट करता हूं।
— Narendra Modi (@narendramodi) November 10, 2020
মোডীয়ে টুইটত কয় বিহাৰত জনতা- জনাৰ্দৰ আশীৰ্বাদত লোকতন্ত্ৰই পুনৰ এবাৰ বিজয় প্ৰাপ্ত কৰিলে । বিজেপি ফ’ৰ বিহাৰৰ লগতে এডিএৰ সমূহ কাৰ্যকৰ্তাই যি সংকল্প আৰু সমৰ্পনেৰে এই কাৰ্য সমপ্ন কৰিলে ই অভিভূত কৰি তোলে । মই কাৰ্যকৰ্তা সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিহাৰৰ জনতাক হৃদয়েৰে অভিনন্দন জ্ঞাপন কৰিছো ।