প্ৰায়ে চৰ্চাত থাকে দিশা পাটানী। বহুতে নেচনেল ক্ৰাছ বুলিও কয় অভিনেত্ৰীগৰাকীক। কিছুদিন পূৰ্বে ‘Calvin Klein’ৰ বিজ্ঞাপন শ্বুট কৰি বিতৰ্কৰ সূচনা কৰিছিল অভিনেত্ৰীগৰাকীয়ে।
পিছে এতিয়া দিশা পাটানীৰ বিবাহকলৈ চলিছে চৰ্চা। দীৰ্ঘদিন ধৰি অভিনেত্ৰীগৰাকীৰ টাইগাৰ শ্ৰফৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকা বুলি প্ৰায় সকলোৰে মুখে মুখে।
![](https://guwahatitimes.com/wp-content/uploads/2020/11/84686771_1575435282626211_6115106377993027584_o-819x1024.jpg)
পিছে এইবাৰ নিজৰ বিবাহৰ সন্দৰ্ভত মন্তব্য কৰিছে অভিনেত্ৰী দিছাই। এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সৈতে হোৱা সাক্ষাত্কাৰত দিশাই এই সন্দৰ্ভত মুখ খোলা দেখা গ’ল।
ইফালে দিছা আৰু টাইগাৰে বিভিন্ন সময়ত ডেটিঙত যোৱা ফটো বা ভিডিঅও ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত।
টাইগাৰৰ সৈতে থকা সম্পৰ্কৰ কথা একেমুখে অস্বীকাৰ নকৰিলেও দিশা পাটানীয়ে এতিয়াই বিয়াৰ কথা ভবা নাই বুলি মন্তব্য কৰিছে।
![](https://guwahatitimes.com/wp-content/uploads/2020/11/122897147_1849793261857077_5176613736846877670_n.jpg)
মনে মিলা সকলোৰে চিনাকী এজনৰ সৈতে বিয়াত বহিব বুলিও তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে দিশাই।