গুৱাহাটীঃ ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ প্রত্যাহ্বানৰ মাজতে সত্রীয়া– সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সর্বত্র শ্রীকৃষ্ণৰ ৰাসোৎসৱক লৈ যোৱা তিনি/চাৰি দিন ধৰি উখল–মাখল পৰিৱেশ সৃষ্টি হৈছে৷ প্রশাসনৰ নির্দেশ অনুসৰি উদযাপন সমিতিসমূহ আৰু শিল্পীসকলে ক’ভিড পৰীক্ষা সম্পন্ন কৰিছে৷ ২৯ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈকে চাৰিদিনীয়া, তিনিদিনীয়া আৰু দুদিনীয়াকৈ শ্রীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত কৰিবলৈ প্রস্তুতি সম্পূর্ণ কৰি ভক্ত আৰু দর্শনার্থীক আদৰিবলৈ সাজু হৈছে মাজুলীবাসী৷ বিগত বর্ষৰ তুলনাত বিদেশী পর্যটকৰ সংখ্যা কমিছে যদিও সীমিতসংখ্যক পর্যটকে এতিয়াও ভিৰ কৰাৰ উপৰি ভক্ত আৰু দর্শনার্থীৰ সোঁত বৈছে সত্রীয়া সংস্কৃতিৰ প্রাণকেন্দ্র মাজুলীলৈ৷
এই বছৰ ক’ভিড–১৯ৰ বাবে মাজুলীৰ দুই–এখন ৰংগমঞ্চ আৰু সত্রক বাদ দি ৰাস অনুষ্ঠিত কৰিবলৈ মুঠ ৩৪খন সমিতিয়ে মাজুলী জিলা প্রশাসনৰ অনুমতি লাভ কৰিছে৷
এই সমিতিকেইখন হ’ল ক্রমে বংশীগোপাল নাট্য মন্দিৰ, আঁহতগুৰি বৰ সত্র, ৰতনপুৰ ৰংঘৰ যুৱ সমন্বয় কৃষ্টি কেন্দ্র, মাধৱদেৱ কৃষ্টি সংঘ, মিলিত কৃষ্টি সংঘ, শ্রীৰাম আঞ্চলিক কৃষ্টি সংঘ, উত্তৰ কমলাবাৰী সত্র, মধ্য মাজুলী মিলন সংঘ, শ্রীমন্ত শংকৰদেৱ কৃষ্টি সংঘ, কল্পতৰু কৃষ্টি কেন্দ্র, উজনি চুপহা কৃষ্টি কেন্দ্র, শালমাৰা যুৱক বিজয় মিলন সংঘ, সন্মিলিত শিল্পী সমাজ, কুমাৰগাঁও ৰূপালী যুৱক সংঘ, মাজুলী দঃঞি–পঃল কৃষ্টি কেবাং, জ্যোতি সমাজ কল্যাণ সংঘ, শেনচোৱা ৰাসলীলা উদ্যাপন সমিতি, চামগুৰি সত্র, মাজুলী মিলন কৃষ্টি মন্দিৰ, মুদৈবিল মিলন জ্যোতি ৰংগমঞ্চ, সোণাৰিআটী নৱজ্যোতি কৃষ্টি সংঘ, ৰতনপুৰ লাহন শ্রীমন্ত কৃষ্টি কেন্দ্র, গায়নগাঁও নৱজ্যোতি কৃষ্টি কেন্দ্র, দক্ষিণপাট সত্র, আউনীআটী সত্র, কমাৰগাঁও শংকৰী কলা কৃষ্টি কেন্দ্র, বিহিমপুৰ সত্র, চিতাদাৰচুক কৃষ্টি সংঘ, বনগাঁও ৰংঘৰ, তৰুণ নাট্য সমাজ, মাজুলী মিলন সংঘ, নতুন কমলাবাৰী সত্র আৰু সূর্যোদয় আঞ্চলিক সাংস্কৃতিক কেন্দ্র৷
মুখাশিল্পৰ বাবে বিখ্যাত শ্রীশ্রীনতুন চামগুৰি সত্রৰ মুখাশিল্পীসকলৰ লগতে মুখাশিল্পত সংগীত নাটক একাডেমী বঁটা বিজয়ী ড০ হেমচন্দ্র গোস্বামীৰ হাতৰ পৰশত প্রাণ পাই উঠিছে অঘাসুৰ, বকাসুৰ, কালিনাগ, পুতনা আদিৰ মুখাই৷ সত্রখনত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কেলিগোপাল অংকীয়া নাটকেৰে ৰাসলীলা অনুষ্ঠিত হ’ব৷
সত্রখনৰ ৰাসোৎসৱৰ অন্যতম আকর্ষণ হ’ল শিল্পী ড০ হেমচন্দ্র গোস্বামীৰ পৰিচালনাত মুখাৰ অভিনয় আৰু নামঘৰৰ চাৰিওকাষে বহা বৃহৎ বজাৰ৷ অৱশ্যে এই বর্ষত ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে প্রশাসনৰ নিষেধাজ্ঞাৰ ফলত পূর্বৰ দৰে সত্রৰ চাৰিওদিশে বজাৰ নবহে বুলি জানিব পৰা গৈছে৷ শ্রীশ্রীদক্ষিণপাট সত্রৰ ১৮০ বছৰীয়া পৰম্পৰাৰে মাজুলী এতিয়া দ্বিতীয় বৃন্দাবনলৈ ৰূপান্তৰ ঘটাইছে৷ মাজুলীৰ প্রথমখন ৰাসৰ মঞ্চ তথা সহঃ অভিনয়ৰ পাতনি মেলা বংশীগোপাল নাট্য মন্দিৰত দ্বৈত মঞ্চ প্রৱর্তন হোৱাৰ পিছত মাজুলীত বহুকেইটা ৰংগমঞ্চই এই পদ্ধতিৰে সফলতা লাভ কৰিছে৷ ইফালে উজনি মাজুলীত দ্বিতীয়বাৰৰ বাবে মহিলা শিল্পীসকলৰ দ্বাৰা ৰাসলীলা প্রদর্শন কৰিব৷
SOURCE: NEWSLIVE