ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই সাংবাদিক নিগ্ৰহৰ ঘটনাৰ তদন্ত বিচাৰি তীব্ৰ প্ৰতিবাদ

1 min read

মিৰ্জাত সাংবাদিক মিলন মহন্তৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ কৰিবলৈ বিভিন্ন দল সংগঠনৰ লগতে সমাজ সংস্কৃতিৰে জড়িত লোক সকলে । প্ৰতিবাদী সকলে সমস্বৰে বৰ্তমানেও অপৰাধী সঞ্জয় ঠাকুৰীয়া সহ সাংবাদিক আক্ৰমনত জড়িত চক্ৰটোক পলাশবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যক গৰিহনা দিয়ে ।

প্ৰতিবাদী সকলৰ মাজত সাংবাদিকৰ উপৰি অগপ,বিজেপি,কংগ্ৰেছ আদি ৰাজনৈতিক দলৰ স্থানীয় বিষয়ববীয়া সকলো আছিল । জুৱাৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰাৰ বাবে বিদ্যুতৰ খুটাত বান্ধি মিলন মহন্তক আক্ৰমন কৰা ঘটনা আৰু কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাণ্ডই ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ সাংবাদিক সকলে কিদৰে নিজৰ জীৱন বিপন্ন কৰি ৰাইজৰ হকে সাংবাদিকতা অব্যহত ৰাখিব লগা সেয়া উদঙাই দিয়া দিয়া বুলি মন্তব্য কৰি সংবাদ মাধ্যমৰ স্নায়ু স্বৰূপ এই সকল সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাৱী জনাই ।

Source: Asomiya Pratidin

You May Also Like

More From Author