সোমবাৰে ৰাতি দিল্লী আৰক্ষীয়ে দুইজনকৈ সন্দেহযুক্ত জৈইচ ই মহম্মদৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈ ৰাজধানী দিল্লীক এক সাম্ভাব্য সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ল ৷ উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজন জম্মু কাশ্মীৰৰ বাসিন্দা ৷ তেওঁলোকৰ নাম হ’ল ২২ বছৰীয়া আব্দুল লটিফ আৰু ২০ বছৰীয়া মহম্মদ আছৰফ খাটনা ৷ তেওলোকৰ পৰা দুটা চেমি অটোমেটিক পিষ্টল আৰু ১০টা গুলী উদ্ধাৰ কৰিবলৈ আৰক্ষী সক্ষম হৈছে ৷ উল্লেখ্য যে আগষ্ট মাত দিল্লী আৰক্ষীয়ে ইছলামিক ষ্টেটৰ এক সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনাক বাধা দিবলৈ সক্ষম হৈছিল ৷
ৰাজধানী দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা, দুজনক গ্ৰেপ্তাৰ
Posted on by GTM Desk
0 min read