বিগত ৩০বছৰ ধৰি পাণ্ডাঘাটত জাকজমকতাৰে আয়োজন কৰি অহা শ্ৰীকৃষ্ণ ৰ দাস মহোৎসৱ এই বেলি
ক’ভিত প্ৰট’কলৰ পৰিপেক্ষিতত অনুষ্টুপীয়া কৰিলে ৩১ সক্ষ্যক ৰাস মহোৎসৱৰ কাৰ্যসূচী ।
ধৰ্মীয় ৰীতিনীতিৰে তিনিদিনীয়াকৈ আয়োজন কৰা ৰাসৰ শেষৰ দিনটোত নাম কীৰ্তন , বন্তি প্ৰজ্বলন, কৃষ্ণ নৃত্য, কৃষ্ণ গীত আৰু ৩১গুছি বন্তি প্ৰজ্বলন কৰা হয় ।দিনৰ ভাগত অনুষ্ঠিত হয় ধৰ্মালোচনী সভা ।
সন্ধিয়া আয়োজন কৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী ত মুখ্য গুছি বন্তি প্ৰজ্বলন কৰে পাথৰিঘাট আৰক্ষী চকী ৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাই । লগতে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা ৰ সম্পাদক সুশীল সুত্ৰধৰ ,দ্বীগজ ঐক্য মঞ্চ পথৰুঘাটৰ সভাপতি কণ আলি হাজৰিকাৰ,সাহিত্য সেৱী বলেন নাথ ,আছু নেতা পৰেশ চহৰীয়া সহ কেবাগৰাকীও ব্যক্তিয়ে এগছিকৈ বন্তি প্ৰজ্বলন কৰে ।
সন্ধিয়া ৭-০০বজাত কৃষ্ণ নৃত্য আৰু কৃষ্ণ কেন্দ্ৰিক গীতৰ আধ্যাত্মিক অনুস্থানৰ মঞ্চ মুকলি কৰে অসম সত্ৰ মহা সভাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা সংস্কৃত শিক্ষক যুগল মহন্তই । পৃথিৱীত ধৰ্মৰ গ্লানি নামি আহাৰ সময়ে সময়ে এনেদৰে অধৰ্ৰমৰ গ্লানি দুৰ কৰিবলৈ ভগবান শ্ৰীকৃষ্ণই নিজকে পৃথিবীত প্ৰতিষ্ঠা কৰি আহিছে । দৃষ্কৃতিকাৰিসকলক বিনাস কৰি সাধু সকলক পৰিত্যান দিবলৈ এনেদৰে যুগে যুগে ভগৱানৰ শ্ৰীকৃষ্ণ ৰ অৱতাৰ হৈ আহিছে বুলি উদ্বোধক যুগল মহন্তই নাতিদীৰ্ঘ আধ্যাত্মিক ভাষনেৰে সকলোকে মোহাচ্ছন্ন কৰে ।