আজিৰে পৰা দেশৰ সকলো ৰাজ্যত আৰম্ভ হৈছে কোভিড ভেকচিনৰ ড্ৰাই ৰাণ। এই প্ৰক্ৰিয়াৰ জৰিয়তে দেশত কোভিড ভেকচিনৰ বাবে কিমান প্ৰস্তুত সেই কথা গম পোৱা যাব। দেশৰ সকলো ৰাজ্যৰ লগতে অসমতো আৰম্ভ হৈছে এই ড্ৰাই ৰাণ।
গুৱাহাটী চিকিতসা মহাবিদ্যালয় হস্পাতালত আৰম্ভ হৈছে এই ড্ৰাই ৰাণ। এই ড্ৰাই ৰাণ গৈছে কোভিড ভেকচিন উপলদ্ধ হোৱাৰ পূৰ্বে উক্তস্থানত কি কি অসুবিধা আছে তাৰ এক সমীক্ষা চলোৱা। এই অসুবিধা সমূহ দূৰ কৰি ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া তৰাম্বিত কৰিব ড্ৰাইৰাণ প্ৰক্ৰিয়াই।
শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি, দেশৰ সকলো ৰাজ্যৰ ১১৬খন জিলাৰ ২৫৯টা চাইটত কোভিড ভেকচিনৰ ড্ৰাইৰাণ সম্পন্ন কৰা হয়। এই সময়ত কোনোধৰণৰ উৰা বাতৰিত জনতা বিভ্ৰান্ত নহ’বলৈ আহ্বান জনাইছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে।