অসমৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ কচুগাঁৱত সংঘটিত হৈছে এটা দুখলগা ঘটনা ৷ লাভ কৰা খবৰ অনুসৰি ৪ বছৰীয়া আৰ্শিনা কিস্কু আৰু ৫ বছৰীয়া মণিৰাম হেম্ব্ৰমৰ অগ্নিদগ্ধ হৈ মৃত্যু হয় ৷ অসমে মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালে উক্ত ঘটনাৰ শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত লিখে –“ গোসাঁইগাঁৱৰ কচুগাঁৱত সংঘটিত আকস্মিক অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা দুটি কণমানি আৰ্শিনা কিস্কু আৰু মণিৰাম হেম্ব্ৰমৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। এই দুখৰ খবৰে আমাক অত্যন্ত মৰ্মাহত কৰিছে। শিশু দুটিৰ শোকস্তব্ধ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনালোঁ ৷”
Deeply anguished to learn about the fire at Kasugaon, Gossaigaon which resulted in the death of two children- Arshina Kisku & Maniram Hembrom.
My heartfelt condolences to the bereaved parents and family members.
— Sarbananda Sonowal (Modi Ka Parivar) (@sarbanandsonwal) January 5, 2021