গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰৱর্তী আৰু মুক্ত শিক্ষা গ্রহণ প্রতিষ্ঠান, চমুকৈ আইডলত সংঘটিত কেলেংকাৰিৰ তদন্ত প্রতিবেদনত প্রকাশ পাইছে বহু বিস্ফোৰক তথ্য৷ এই বর্ষৰ ভাৰতৰ নিয়ন্ত্রক আৰু মহাহিচাপ পৰীক্ষকৰ (কেগ) প্রতিবেদনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডলে দূৰৱর্তী শিক্ষা পৰিষদ, চমুকৈ ডি ই চিৰ প্রয়োজনীয় স্বীকৃতি অবিহনেই ২১টা পাঠ্যক্রমৰ পাঠদান কৰি অহা বুলি প্রকাশ পাইছিল৷ ২০১০ চনৰ পৰা ২০১৭ চনলৈ ৭৩,৯১২জন শিক্ষার্থীৰ নামভর্তিৰ বিপৰীতে ৩৯.০৬ কোটি টকা মাচুল সংগ্রহ কৰাৰ তথ্য উল্লেখ আছিল কেগৰ প্রতিবেদনত৷
কেগৰ এই প্রতিবেদনখন বিধানসভাৰ মজিয়াত দাখিল কৰাৰ পাছতেই তীব্র প্রতিক্রিয়া সৃষ্টি হয়৷ বিধানসভাৰ মজিয়াতো এই বিষয়টোৱে বিশেষ স্থান লাভ কৰে৷ ইয়াৰ পাছতেই গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই ছিকিম আৰু জম্মু–কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ ড০ আফতাব হুছেইন শইকীয়াৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰি দিয়ে৷ যোৱা ২৮ ছেপ্ঢেম্বৰত ন্যায়াধীশ ড০ আফতাব হুছেইন শইকীয়া তদন্ত কমিটীয়ে প্রতিবেদন দাখিল কৰে৷
উল্লেখ্য যে এই প্রতিবেদনত ২০১০ চনৰ পৰা ২০১৭ চনলৈ আইডলৰ সঞ্চালক হিচাপে কার্যনির্বাহ কৰা ড০ কন্দর্প দাসৰ বিৰুদ্ধে যথাবিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষক পৰামর্শ আগবঢ়ায় তদন্ত কমিটীয়ে৷ আনহাতে, এই সময়ছোৱাত কার্যনির্বাহ কৰা উপাচার্যকেইজনৰ বিৰুদ্ধেও ব্যৱস্থা গ্রহণৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাবলৈ গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষক পৰামর্শ দিয়া হয় তদন্ত প্রতিবেদনখনত৷ উক্ত সময়ছোৱাত বিশ্ববিদ্যালয়ত কার্যনির্বাহ কৰা পঞ্জীয়কো এই কেলেংকাৰিৰ বিষয়ে অৱগত বুলি প্রতিবেদনখনত উল্লেখ কৰা হয়৷
আনহাতে, কেগৰ প্রতিবেদনত আইডলৰ এই অনুমতিবিহীন পাঠ্যক্রমৰ নামভর্তিৰ ক্ষেত্রত বিত্তীয় কেলেংকাৰি সংঘটিত হোৱাৰ কথা উল্লেখ আছিল যদিও বিশ্ববিদ্যালয় কর্তৃপক্ষই ন্যায়াধীশ ড০ আফতাব হুছেইন শইকীয়া কমিটীক বিত্তীয় কেলেংকাৰিৰ বিষয়টো তদন্ত কৰাৰ দায়িত্ব নিদিয়া বাবে এইক্ষেত্রত কমিটীখনে কোনো অনুসন্ধান চলোৱা নাছিল যদিও তদন্ত প্রতিবেদনখনত স্বতন্ত্র অনুসন্ধানকাৰী সংস্থাক বিষয়টো অনুসন্ধান কৰাৰ দায়িত্ব দিবলৈ গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই ৰাজ্য চৰকাৰক আহ্বান জনাব লাগে বুলি উল্লেখ কৰা হয়৷
এই বিত্তীয় কেলেংকাৰিৰ ক্ষেত্রত আইডলৰ সঞ্চালকজন বিশেষভাৱে জবাবদিহি হ’ব লাগে বুলিও কোৱা হয়৷ কেগৰ প্রতিবেদনত ষ্টাডী মেটেৰিয়েল ছপা কৰা, বিভিন্নজনক মাননি দিয়া, আন ছপা কামৰ ক্ষেত্রতো ব্যাপক কেলেংকাৰি সংঘটিত হোৱা বুলি উল্লেখ কৰা হৈছিল৷ আনকি গেষ্ট ফেকাল্টীৰ বাবেই এই সময়ছোৱাত ৭৭.৪৯ লাখ আদায় দিয়া বুলি উল্লেখ কৰা হৈছিল৷ আনকি আইডলৰ সঞ্চালকজনে ২.৭৪ কোটি টকা অতিৰিক্ত পেমেণ্ট কৰা বুলি কেগৰ প্রতিবেদনত প্রকাশ পাইছিল৷ এই বৃহৎ কেলেংকাৰি সংঘটিত কৰা তদানীন্তন সঞ্চালক ড০ কন্দর্প দাস বর্তমান কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য পদত অধিষ্ঠিত হৈ আছে৷ এই কেলেংকাৰি প্রকাশ পোৱাৰ পাছত ড০ দাসৰ উপাচার্য নিযুক্তিয়ে ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছিল৷ এতিয়া আইডলৰ কেলেংকাৰিৰ তদন্ত কমিটীৰ প্রতিবেদনতো পোনপটীয়াকৈ সঞ্চালকজনক অভিযুক্ত কৰাৰ পাছত ৰাজ্য চৰকাৰে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হৈ পৰিছে৷
আনহাতে, বিশ্ববিদ্যালয় কর্তৃপক্ষই বিত্তীয় কেলেংকাৰিৰ বিষয়টোৰ তদন্তৰ ক্ষেত্রত কি পদক্ষেপ লয়, সেয়াও যথেষ্ট গুৰুত্বপূর্ণ৷ সবাতোকৈ গুৰুত্বপূর্ণ বিষয়টো হৈছে প্রয়োজনীয় অনুমতিবিহীনভাৱে আইডলে পাঠদান কৰা পাঠ্যক্রমসমূহত অধ্যয়ন কৰা শিক্ষার্থীসকলৰ ডিগ্রীসমূহ কি কৰা হ’ব, সেয়া বৃহৎ প্রশ্ন হৈ পৰিছে৷ এই কেলেংকাৰিৰ বাবে এতিয়া এই শিক্ষার্থীসকলৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰা বিষয়টোতো উদ্বেগ প্রকাশ কৰিছে তদন্ত কমিটীয়ে৷ কমিটীৰ প্রতিবেদনখনত গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষক এই ছাত্র–ছাত্রীসকলৰ ডিগ্রী আৰু ডিপ্ল’মাসমূহ অনুমতি দিবলৈ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগক আবেদন জনাবলৈ পৰামর্শ দিয়া হৈছে৷
এই সময়ছোৱাৰ শিক্ষার্থীৰ সংখ্যা ৭৩,৯১২জন বুলি কেগৰ প্রতিবেদনখনত উল্লেখ কৰা হৈছিল৷ এই বৃহৎসংখ্যক ছাত্র–ছাত্রীৰ অন্ধকাৰ ভৱিষ্যতৰ ক্ষেত্রত বিশ্ববিদ্যালয় কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে, সেয়াও লক্ষণীয় হৈ পৰিছে৷
Source: News Live TV