জোনাইত কংগ্ৰেছৰ ‘অসম বচাও আহক’ অভিযানঃ গণ সমাৱেশত প্ৰদ্যুৎ বৰদলৈ

0 min read

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰদ্যুৎ বৰদলৈয়ে জোনাই মহকুমাত প্ৰৱেশ কৰি বিশাল দলীয় গণ সমাৱেশ অনুষ্ঠিত কৰি ২০২১ৰ এপ্ৰিল মাহত হ’ব লগা বিধান সভা নিৰ্বাচনৰ নিৰ্বাচনী ৰণডংকা বজায় ৷

সাংসদ প্রদুৎ বৰদলৈৰ নেতৃত্বত জোনাইত কংগ্ৰেছ দলৰ অসম বচাও আহক মিছনৰ অংশ স্বৰূপে বৃহস্পতিবাৰে জোনাইত উলিওৱা হয় এক পদযাত্রা। জোনাইৰ নােপালী বস্তিৰ দুৰ্গা মন্দিৰত সেৱা গ্রহণ কৰি মন্দিৰৰ প্রাংগণৰ পৰা এক পদযাত্রা কৰে জোনাই সদৰলৈ।

ইয়াৰ উপৰি জোনাই সদৰত এক জনসভা সম্বোধন কৰি ভাৰতীয় জনতা পার্টিক চাইনিজ মাগুৰ বুলি কটাক্ষ কৰে। বিজেপিয়ে চাইনিজ মাগুৰ মাছৰ দৰে অসমৰ সৰু সৰু জনগােষ্ঠীসকলৰ নিজা পৰিচয় শেষ কৰা বুলি তীব্র সমালােচনা কৰে।

উক্ত সমাৱেশত তেওঁ ভাষণ প্ৰসংগত মিচিং জনজাতিক লৈ গঠন কৰা মিচিং জনজাতিক নেতৃত্ব দিয়া সন্মিলিত গণশক্তি দলৰ বিধায়ক ভুবন পেগুৰ লগতে ৰণোজ পেগুক সমালোচনা কৰে।

আনহাতে গণশক্তিৰ লগত কংগ্ৰেছ দলে মিত্ৰতা কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ তেনে কোনো পৰিকল্পনা কংগ্ৰেছ দলৰ এতিয়ালৈকে নাই বুলি কয়৷

You May Also Like

More From Author